পল্টন বজাৰ ৰে’লৱে কলনীত পূজাৰীক হত্যা তীব্র চাঞ্চল্য
এটাৰ পাছত এটাকৈ হত্যাকাণ্ডই জোকাৰিছে গুৱাহাটী মহানগৰীক
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত হৈছে এটাৰ পাছত আনটো হত্যাকাণ্ড৷ বৰাগাঁও, বেলতলা, মালিগাঁৱৰ পাছত আজি পুনৰ পল্টন বজাৰৰ কালিবাৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ কালিবাৰীৰ কালী মন্দিৰত পূজাৰী হিচাপে নিয়োজিত নাৰায়ণ চক্রৱর্তীৰ মৃতদেহ বৃহস্পতিবাৰে ৰে’লৱেৰ এটা কোৱার্টাৰত উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলটোত তীব্র উত্তেজনাই বিৰাজ কৰিছে৷
প্রাপ্ত তথ্য অনুসৰি কালিবাৰীৰ কালী মন্দিৰত পূজাৰী হিচাপে নিয়োজিত নাৰায়ণ চক্রৱর্তীৰ মৃতদেহ বৃহস্পতিবাৰে নিশা প্রায় ৯.৩০ বজাত সঞ্জীৱ চৌধুৰী নামৰ লোকজনৰ কোৱার্টাৰত উদ্ধাৰ কৰা হয়৷ ষট্ পূজাৰ বাবে সঞ্জীৱ চৌধুৰীয়ে বাসগৃহলৈ যোৱাত বন্ধু তথা কালী মন্দিৰৰ পূজাৰী নাৰায়ণ চৌধুৰীক ঘৰটো চোৱাচিতাৰ দায়িত্ব অর্পণ কৰিছিল৷ কালি নিশাৰে পৰা নাৰায়ণ চক্রৱর্তীৰ ম’বাইল ফোন অফ হৈ থকাত তেওঁৰ পত্নীয়ে বিচাৰ–খোচাৰ কৰিছিল৷
বৃহস্পতিবাৰে স্থানীয় লোকৰ সহযোগত কালিবাৰীত নাৰায়ণ চক্রৱর্তীক বিচাৰি থকাৰ সময়তে সঞ্জীৱ চৌধুৰীৰ বাসগৃহত নাৰায়ণৰ মৃতদেহ উদ্ধাৰ হয়৷ ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া, অপৰাধ শাখা, ফৰেনছিক আৰু চি আই ডিৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে সঞ্জীৱ চৌধুৰীৰ কোৱার্টাৰৰ সা–সামগ্রী লণ্ডভণ্ড কৰি কোনো দুর্বৃত্তই নাৰায়ণ চৌধুৰীক হত্যা কৰি সা–সামগ্রী লুট কৰি নিয়ে৷ প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে নাৰায়ণ চৌধুৰীৰ দেহত আঘাতৰ চিন স্পষ্ট বুলি উল্লেখ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে, গুৱাহাটী মহানগৰীত বিগত দুটা মাহত ধাৰাবাহিকভাৱে সংঘটিত হোৱা হত্যাৰ ঘটনাই মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়া বুলি পুনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷