নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণবজাৰত বৃহৎ পৰিমাণৰ ড্রাগছসহ ধৃত চাৰি সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ  গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি ড্রাগছৰ ৰমৰমীয়া বেহা চলাই আহিছে এটা শক্তিশালী চক্রই৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই ড্রাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আন্তঃৰাষ্ট্রীয় ড্রাগছ মাফিয়া চক্রৰ লগত জড়িত ড্রাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত পাণবজাৰ আৰক্ষীয়ে ফাঁচীবজাৰ, হাতীগাঁও আৰু সাতগাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু ড্রাগছসহ চাৰি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীকেইটা ক্রমে ইব্রাহিম আলী (২২), শুকুৰ আলী (১৯), নজৰুল ইছলাম (৩২) আৰু উছমান খান (২৮)৷ অভিযানকাৰী দলটোৱে ধৃত সৰবৰাহকাৰীকেইটাৰ্ পৰা ৭২টা হেৰ’ইনভর্তি কণ্টেইনাৰ, ৭,৪১৬ চেমছেক্স টেবলেট আৰু ২১০টা নিট্রাভেট টেবলেট জব্দ কৰিবলৈ সক্ষম হয়৷

You might also like