নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰৰ প্রথমটো দেওবাৰে সহস্রাধিক লোকৰ সমাগম

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ ক’ৰোনাৰ সংক্রমণ আৰু দীর্ঘদিনীয়া লকডাউনৰ পিছত ক্রমাগতভাৱে স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ সময়তে একপ্রকাৰ প্রাণ পাই উঠা পৰিলক্ষিত হৈছে মহানগৰীৰ পার্শ্বৱর্তী বনভোজথলীসমূহ৷ বিগত প্রায় সাতটা মাহ মুকলি পৰিৱেশৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাৰ পিছত প্রাকৃতিক মনোমোহা দৃশ্যৰে ভৰা দীপৰ বিল, চন্দ্রপুৰ আদি অঞ্চললৈ শেহতীয়াকৈ বনভোজকাৰী দলৰ আগমন ঘটা দেখিবলৈ পোৱা গৈছে৷ তাৰেই যেন প্রতিফলন দেখা গ’ল ডিচেম্বৰ মাহৰ প্রথমটো দেওবাৰে৷

প্রত্যক্ষ কৰা মতে, চন্দ্রপুৰৰ বিশেষ কেইটামান বনভোজথলীৰ ভিতৰত অন্যতম হাতীশিলা, তপোবন, ডিগাৰুমুখৰ লগতে আন কেইবাটাও বনভোজথলীত আজি পুৱাৰে পৰা দেখা গ’ল বনভোজ দলৰ ভিৰ৷ আটাইকেইটা বনভোজথলীত বিভিন্ন প্রান্তৰ পৰা সৰু–বৰ বাহনেৰে অহা সহস্রাধিক লোকৰ সমাগম দেখা গ’ল৷

জানিব পৰা মতে, লকডাউনৰ পৰিৱেশৰ পিছত বাহিৰলৈ মুকলিকৈ অহা দলকেইটা অৱশ্যে দূৰদূৰণিৰ বিপৰীতে বেছিভাগ দল আছিল বৃহত্তৰ মহানগৰীৰ৷ প্রত্যক্ষ কৰা অনুসৰি, দলসমূহে নির্দিষ্ট দূৰত্ব বজাই ৰাখি এসাঁজ লগভাতৰ সোৱাদ লৈছে৷ ইফালে, বনভোজথলীসমূহত স্থানীয় পৰিচালনা সমিতিসমূহে সৰু সৰু ক’টেজ নির্মাণ কৰি দিয়াৰ লগতে যাৱতীয় ব্যৱস্থাপনা কৰি দিছে৷ আনকি বহুকেইখন সমিতিয়ে আকর্ষণীয় কৰি তুলিছে বনভোজথলীসমূহ৷ মূলতঃ বর্ষৰ শেষৰটো মাহৰ প্রথমটো দেওবাৰে পৰিয়াল, বন্ধু–বান্ধৱৰ সৈতে এসাঁজ খোৱাৰ আনন্দত মতলীয়া হোৱা দেখা গ’ল দীপৰ বিল আৰু চন্দ্রপুৰৰ বনভোজথলীসমূহত৷

You might also like