কনটেইনমেণ্ট জ’ন পৰিদর্শন মন্ত্রী পীয়ূষৰ
নিয়মীয়া বাৰ্তা, ১৪ জুনঃ মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা৷ মালিগাঁও আৰক্ষী চকীৰ অন্তর্গত গোশালা কৃষ্ণনগৰত ছজনকৈ লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত উক্ত অঞ্চলটো জিলা প্রশাসনে কনটেইনমেণ্ট জ’ন ঘোষণা কৰে৷ আজি ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই মহানগৰীৰ কৃষ্ণনগৰ–পাণ্ডু আদি এলেকাৰ কনটেইনমেণ্ট জ’নসমূহ পৰিদর্শন কৰাৰ লগতে হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলৰ স্বাস্থ্যৰ বুজ লয়৷ পাণ্ডু–মালিগাঁৱৰ সমগ্র এলেকা পৰিদর্শন কৰি মন্ত্রী হাজৰিকাই জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনায়৷ আনহাতে, মন্ত্রী হাজৰিকাই মহানগৰীৰ অধিকাংশ লোক অদ্যাপি সচেতন নহয় বুলি মন্তব্য কৰে৷ লগতে সামাজিক দূৰত্বৰ ব্যৱধান মানি চলিবলৈ জনসাধাৰণক আহ্বান জনায়৷ ইপিনে, আজি দুপৰীয়া বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতায়ো গোশালা কৃষ্ণনগৰৰ ‘কনটেইনমেণ্ট জ’ন’ এলেকাটো পৰিদর্শন কৰি জনসাধাৰণৰ স্বাস্থ্যৰ বুজ লয়৷ লগতে কনটেইনমেণ্ট জ’নত আবদ্ধ লোকসকলক পর্যাপ্ত পৰিমাণে খাদ্যসামগ্রী যোগান ধৰিবলৈ আৰু স্থানীয় গোশালাৰ জনসাধাৰণৰ ছোৱাব সংগ্রহ কৰি পৰীক্ষা কৰিবলৈ প্রশাসনক আহ্বান জনায়৷