নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ব্যাপক হাৰত প্লাষ্টিকৰ বেগ ব্যৱহাৰ

প্লাষ্টিকৰ বেগ ব্যৱহাৰত নিষেধাজ্ঞাঃ ঘোষণাতেই দায়িত্ব সামৰিলে প্রশাসনে

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ পৰিৱেশ প্রদূষণ আৰু জনস্বাস্থ্যলৈ ভাবুকি কঢ়িওৱা প্লাষ্টিকৰ বেগ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছিল কামৰূপ মহানগৰ জিলা প্রশাসনে৷ ৪০ মাইক্রনৰ তলৰ প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো গুৱাহাটী মহানগৰীত ব্যাপক হাৰত প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে৷ জিলা প্রশাসনে প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা লোক আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলাবলৈ পৌৰ নিগমক নির্দেশ জাৰি কৰিছিল৷ যোৱা ৩ ডিচেম্বৰত মহানগৰ জিলা প্রশাসনে এই নির্দেশনা জাৰি কৰাৰ পিছতো আজিলৈকে প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা লোক আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে জিলা প্রশাসন আৰু পৌৰ নিগম কর্তৃপক্ষই অভিযান চলোৱা পৰিলক্ষিত নহ’ল৷ জিলা প্রশাসন আৰু জিএমচি কর্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবেই মহানগৰীত এতিয়াও মুকলিকৈ ৪০ মাইক্রনৰ তলৰ প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰি আহিছে একাংশ লোক আৰু ব্যৱসায়িক প্রতিষ্ঠানে৷ ইয়াৰোপৰি প্রশাসনৰ নীতি–নির্দেশনা উলংঘাৰে ফাঁচীবজাৰ, মাছখোৱা, গণেশগুৰিকে ধৰি বিভিন্ন স্থানত পাইকাৰী ব্যৱসায়ীয়ে ৪০ মাইক্রনৰ তলৰ প্লাষ্টিকৰ বেগ মুকলিকৈ বিক্রী কৰি আহিছে৷ কৃত্রিম বানৰ অন্যতম কাৰক হিচাপে বিবেচিত হোৱা প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাৰ ক্ষেত্রত পূর্বতেও কামৰূপ মহানগৰ জিলা প্রশাসনে বহুবাৰ নিষেধাজ্ঞা জাৰি কৰিছে৷ কিন্তু আজিলৈকে গুৱাহাটী মহানগৰীত প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ বন্ধ নহ’ল৷ প্রশাসনৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই প্রদূষণৰ অন্যতম কাৰক হিচাপে বিবেচিত হোৱা প্লাষ্টিকৰ বেগ এতিয়াও বিক্রী আৰু ব্যৱহাৰ কৰি আহিছে ব্যৱসায়ী আৰু একাংশ লোকে৷

You might also like