ছদিনে দুর্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল আৰক্ষী
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ মহানগৰবাসীক নিৰাপত্তা প্রদানত চূড়ান্তভাৱে ব্যর্থ হৈছে মহানগৰ আৰক্ষী৷ আৰক্ষীৰ নিষ্ক্রিয়তাৰ বাবেই প্রতিদিনে বিভিন্ন স্থানত সংঘটিত হৈছে চুৰি, ডকাইতি, হত্যা, লুণ্ঠন আদিৰ ঘটনা৷ মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই যোৱা ১৩ ডিচেম্বৰৰ নিশা নভোটেল হোটেলৰ সন্মুখত দুজনীয়া দুর্বৃত্তৰ দলে বায়ুসেনাৰ ফ্লায়িং অফিচাৰ আনচল ৰস্তোগীক চুৰিৰে হানি–খুঁচি হত্যাৰ চেষ্টা চলায়৷ সম্প্রতি বশিষ্ঠৰ বেছ হাস্পতালত চিকিৎসাধীন হৈ আছে বায়ুসেনা বিষয়াগৰাকী৷
দিছপুৰ আৰক্ষীক অভিযোগ দাখিল কৰাৰ পাছতো আজিলৈকে দুর্বৃত্তক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে৷ উল্লেখ্য যে ১৩ ডিচেম্বৰত বিষয়াগৰাকীয়ে ৪ সতীর্থৰ সৈতে ‘নাটছ এণ্ড ব্রু’ নামৰ পাবখনত সোমাইছিল৷ কোনো কথাক লৈ দুজন যুৱকৰ সৈতে বিষয়াগৰাকীৰ তর্কাতর্কি হোৱাত হোটেল কর্তৃপক্ষই যুৱক দুজনক বাহিৰ কৰি দিছিল৷ বিল পৰিশোধ কৰি ওলাই অহাৰ সময়তে পূর্বৰে পৰা খাপপিটি থকা দুই যুৱকে বিষয়াগৰাকীক ছুৰিকাঘাত কৰি পলায়ন কৰে৷