নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রদূষিত সুধাকণ্ঠৰ সমাধিক্ষেত্রৰ চৌপাশ, যাত্রীবাহী বাহনৰ অবৈধ আস্থানে বিনষ্ট কৰিছে পৰিৱেশ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ অসমবাসীৰ হিয়াৰ আমঠু, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনলৈ মাজতে মাত্র দুটা দিন বাকী৷ নিজৰ সৃষ্টিশীল গীতৰ জৰিয়তে অসমবাসীক বিশ্ববন্দিত কৰি তোলা সুধাকণ্ঠৰ মৃত্যুৰ পিছত জগতবাসীৰ সন্মুখত চিৰস্মৰণীয় কৰি ৰখাৰ লক্ষ্যৰে জালুকবাৰীত শেষ শয়নৰ ঠিকনাত নির্মাণ কৰা হৈছিল সমাধিক্ষেত্র৷ সমাধিক্ষেত্রটো দর্শনার্থীৰ বাবে মুকলি কৰাৰ পিছৰ পৰা সুধাকণ্ঠৰ গুণমুগ্ধৰে প্রতিদিনে গিজগিজাই আছিল সমাধিক্ষেত্র প্রাংগণ৷

যাযাবৰী শিল্পীগৰাকীৰ প্রতিটো মৃত্যু আৰু জন্ম তিথি  সমাধিক্ষেত্রতে আয়োজন কৰা হৈছিল৷ কিন্তু ক’ভিড–১৯ কেন্দ্রিক পৰিৱেশৰ বাবে বিগত পাঁচ মাহৰো অধিক দিন ধৰি বন্ধ হৈ আছে সমাধিক্ষেত্রৰ দুৱাৰ৷ বিগত পাঁচ মাহে সমাধিক্ষেত্রত প্রৱেশ কৰা নাই কোনো দর্শনার্থী৷ সমাধিৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা হৈ আছে, সেয়া ভালদৰে জনা নাযায় যদিও চৌহদৰ বাহিৰৰ পৰিৱেশ কদর্যময় হৈ পৰিছে৷

চোৱাচিতাৰ অভাৱত সমাধিৰ দেৱালৰ সমানকৈ গজি উঠিছে ঘাঁহ–বন৷ চৌহদৰ বাহিৰৰ কেইবাটাও লাইট নজ্বলাৰ ফলত নিশাৰ ভাগত সমাধিৰ কেইবাটাও অংশ অন্ধকাৰত বুৰ গৈ থাকে৷ দুমাহমান পূর্বে এই সন্দর্ভত ‘নিয়মীয়া বার্তা’ত বাতৰি প্রকাশ পাইছিল যদিও পৰিৱেশ অকণো সলনি নহ’ল৷

সম্প্রতি সমাধিক্ষেত্রৰ সন্মুখত যাত্রীবাহী বাহনৰ আস্থান এটি পুনৰ গঢ় লৈ উঠাত সমাধিৰ সন্মুখৰ পৰিৱেশ অতি বিশৃংখল হৈ পৰিছে৷ জানিব পৰা মতে, সমাধিৰ সন্মুখতে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চললৈ চলাচল কৰা মেজিকৰ লগতে দূৰণিবটীয়া বাছ, ট্রেভেলাৰ আদিৰ আস্থান এটি গঢ়ি উঠিছে৷ আস্থানটোক কেন্দ্র কৰি সমাধিৰ ওচৰে–পাঁজৰে স্থাপন হৈছে অস্থায়ী দোকান–পোহাৰ৷ ফলত পাণ–তামোল, গুট্খাৰ পিক, চানা–চিপছৰ পেকেট আদিয়ে পৰিৱেশটো দূষিত কৰি তুলিছে৷

মন কৰিবলগীয়া যে মহানগৰ আৰক্ষী আয়ুক্তই ১৪৪ ধাৰা জাৰি কৰি সমাধিৰ সন্মুখভাগকে ধৰি জালুকবাৰী উৰণীয়া সেতুৰ তলে–ওপৰে যাত্রীবাহী বাহনৰ আস্থান স্থাপন কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল৷ ইয়াৰ পিছতো জালুকবাৰী যান–বাহন আৰক্ষীৰ সন্মুখতে স্বয়ং আৰক্ষী আয়ুক্তৰ নিষেধাজ্ঞা ভংগ কৰি অবৈধ আস্থান গঢ়ি উঠা কার্যই ৰহস্যৰ সৃষ্টি কৰিছে৷

You might also like