নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰৰ জৈৱ বৈচিত্র্য–জনস্বাস্থ্যলৈ তীব্র ভাবুকি

প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ নির্দেশনা উলংঘা ফ্রেছ এয়াৰ কোম্পানীৰ

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে স্থানীয় ৰাইজ তথা দল–সংগঠনে ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰাখিছে৷ চন্দ্রপুৰৰ জৈৱ–বৈচিত্র্য, জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই চৰকাৰে ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্তত অটল হৈ অছে৷ তেনে সময়তে পোহৰলৈ আহিছে হাজোংবড়িৰ নেপালী বস্তিস্থিত ফ্রেছ এয়াৰ ৱেষ্ট মেনেজমেণ্ট ছার্ভিচেছ প্রাইভেট লিমিটেড নামৰ কোম্পানীটোৱে বিগত এক দশক ধৰি চন্দ্রপুৰৰ জৈৱ–বৈচিত্র্য অৰু জনস্বাস্থ্যৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই বায়’মেডিকেল আৱর্জনা নিষ্কাশন কৰি অহাৰ তথ্য৷ প্রদূষণ নিয়ন্ত্রণ ব’ডৰ নীতি–নির্দেশনা উলংঘাৰে বছৰৰ পাছত বছৰ ধৰি ফ্রেছ এয়াৰ কোম্পানীয়ে গুৱাহাটী মহানগৰীৰ চৰকাৰী অৰু ব্যক্তিগত খণ্ডৰ হাস্পতালৰ ওলোৱা বায়’মেডিকেল আৱর্জনা নিষ্কাশন কৰি অহিছে৷ তথ্য অনুসৰি গুৱাহাটী মহানগৰীত প্রতিদিনে হাস্পতালৰ পৰা ৩টন বায়’মেডিকেল আৱর্জনা ওলায়৷

এই বায়’মেডিকেল আৱর্জনাখিনি নিষ্কাশনৰ নামত ফ্রেছ এয়াৰ ৱেষ্ট মেনেজমেণ্ট ছার্ভিচেছ প্রাইভেট লিমিটেডে হাজোংবড়িত প্লাণ্ট স্থাপন কৰি অঞ্চলটোৰ পৰিৱেশ প্রদূষিত কৰি আহিছে৷ বিগত বর্ষত ফ্রেছ এয়াৰ কোম্পানীটোৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই বানত কোম্পানীটোৰ পৰা বায়’মেডিকেল আৱর্জনা ওলাই মানুহৰ ঘৰে ঘৰে সুমাইছিল৷ সংবাদ মাধ্যমত এই বাতৰি প্রকাশ পোৱাৰ পাছতে স্বাস্থ্য বিভাগ অৰু জিলা প্রশাসনে বিষয়টো তদন্ত কৰিছিল যদিও ফ্রেছ এয়াৰ কোম্পানীটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি ফ্রেছ এয়াৰ কোম্পানীৰ স্বত্বাধিকাৰী পার্থপ্রতিম পাঠক অৰু ৰূপামণি কলিতাই স্বাস্থ্য বিভাগ, জিলা প্রশাসন, পৌৰ নিগম অৰু প্রদূষণ নিয়ন্ত্রণ ব’ডৰ একাংশ বিষয়া–কর্মচাৰীক মেনেজ কৰি চন্দ্রপুৰৰ হাজোংবড়িত কোম্পানীটো স্থাপন কৰিছিল৷

স্থানীয় ৰাইজৰ প্রতিবাদ সত্ত্বেও পার্থপ্রতিম পাঠক অৰু ৰূপামণি কলিতা বাহিনীয়ে বিভিন্ন পক্ষক মেনেজ কৰি হাজোংবড়িত ফ্রেছ এয়াৰ কোম্পানী স্থাপন কৰি বছৰৰ পাছত বছৰ ধৰি বায়’মেডিকেল আৱর্জনা নিষ্কাশন কৰি আহিছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বায়’মেডিকেল আৱর্জনাসমূহ নিয়ম অনুসৰি কোম্পানীটোৰ মেচিনত নিষ্কাশন কৰিব লাগে৷ কিন্তু কোম্পানী কর্তৃপক্ষই সেয়া নকৰি কোম্পানীটোৰ চৌহদতে আৱর্জনাসমূহ জ্বলাই দিয়ে৷ কেৱল সেয়াই নহয় ৰাইজৰ অভিযোগ অনুসৰি ফ্রেছ এয়াৰ কোম্পানীয়ে বায়’মেডিকেল আৱর্জনা নিষ্কাশনৰ নামত হাস্পতালত মৃত শিশুৰ মৃতদেহ অনি কোম্পানীৰ চৌহদতে জ্বলাই দিয়ে৷

স্থানীয় ৰাইজে ইয়াৰ বিৰোধিতাৰে কোম্পানীৰ বিৰুদ্ধে জিলা প্রশাসন অৰু প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডক বহুবাৰ অভিযোগ দাখিল কৰিছে৷ কিন্তু কোম্পানীটোৰ বিৰুদ্ধে ৰহস্যজনক কাৰণত ব্যৱস্থা গ্রহণ কৰা নাই প্রদূষণ নিয়ন্ত্রণ ব’ডকে ধৰি বিভাগীয় কর্তৃপক্ষই৷ প্রাপ্ত অভিযোগ অনুসৰি কেৱল গুৱাহাটীৰ মহানগৰীৰ হাস্পতালসমূহৰ পৰা ওলোৱা বায়’মেডিকেল আৱর্জনাই নহয় মৰিগাঁও অৰু নগাঁও জিলাৰ হাস্পতালসমূহৰ পৰা ওলোৱা বায়’মেডিকেল আৱর্জনা ফ্রেছ এয়াৰ কোম্পানীৰ কর্তৃপক্ষই হাজোংবড়িৰ প্লাণ্টত নিষ্কাশন কৰি আহিছে৷ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ চন্দ্রপুৰ, পানীখাইতিৰ জৈৱ–বৈচিত্র্য আৰু জনস্বাস্থ্যৰ ভাবুকি সৃষ্টি কৰি ফ্রেছ এয়াৰ ৱেষ্ট মেনেজমেণ্ট ছার্ভিচেছ প্রাইভেট লিমিটেডে বায়’মেডিকেল আৱর্জনা নিষ্কাশন কৰি অহা বিষয়টো জিলা প্রশাসন অৰু প্রদূষণ নিয়ন্ত্রণ ব’র্ডে কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰা ফ্রেছ এয়াৰ কোম্পানীৰ বিৰুদ্ধে প্রয়োজন হ’লে স্থানীয় ৰাইজে গণতান্ত্রিক প্রতিবাদো সাব্যস্ত কৰিবলৈ প্রস্তুত আছে৷

You might also like