কৃতী শিক্ষাৰ্থী-খেলুৱৈক অভিনন্দন প্ৰাগজ্যোতিষপুৰ ট্ৰাইবেল সংঘৰ
মহানগৰ বাৰ্তা, ৮ জুলাই : চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ প্ৰাগজ্যোতিষপুৰ অঞ্চললৈ সুনাম কঢ়িয়াই অনা জনজাতীয় কৃতী শিক্ষাৰ্থী আৰু খেলুৱৈক আজি অভিনন্দন জনায় সদৌ অসম ট্রাইবেল সংঘৰ প্ৰাগজ্যোতিষপুৰ জিলা সমিতিয়ে। আমগাঁও বিহু মঞ্চত অনুষ্ঠিত হোৱা এই বিশেষ অভিনন্দন অনুষ্ঠানত পৌৰোহিত্য কৰে জিলা সমিতিৰ সভাপতি পুতুল চন্দ্ৰ বড়োই। সম্পাদক ধীৰেন চন্দ্ৰ বসুমতাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত শিক্ষাৰ্থীসকলক একোখনকৈ জনজাতীয় গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় আয়োজক সমিতিয়ে। উল্লেখ্য যে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মুঠ ২৯গৰাকী শিক্ষাৰ্থী আৰু ৬গৰাকী ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ উপৰি এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল পৰিচালকক সম্বৰ্ধনা জনায় উদ্যোক্তাসকলে। এই অভিনন্দন অনুষ্ঠানত জিলা ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ছাঞ্চি ৰাম পায়েং, উপ-সভানেত্ৰী ৰুণুমী বড়ো ৰংপিৰ উপৰি অৰুণ বড়োৰ লগতে বিভিন্ন প্ৰাথমিক শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য যে আমগাঁও প্ৰাথমিক শাখাৰ সৌজন্যত অনুষ্ঠিত হয় বিশেষ এই অভিনন্দন অনুষ্ঠান।
প্ৰেৰক বিভাষ দাস