জেষ্ঠ সাংবাদিক প্ৰতাপ বৰদলৈৰ বিয়োগত কটন বিশ্ববিদ্যালয়ৰ গণ সংযোগ, সাংবাদিকতা বিভাগৰ শোক প্ৰকাশ
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অসম তথা উত্তৰ-পূব ভাৰতত সম্প্ৰচাৰ সাংবাদিকতাৰ অগ্রণী ব্যাক্তি তথা প্ৰথিতযশা সাংবাদিক প্রতাপ চন্দ্র বৰদলৈৰ শুকুৰবাৰে হোৱা পৰলোকপ্ৰাপ্তিত কটন বিশ্ববিদ্যালয়ৰ গণ সংযোগ, সাংবাদিকতা আৰু সংবাদ মাধ্যম অধ্যয়ন বিভাগৰসমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ প্ৰাক্তন উপ সঞ্চালক আৰু উক্ত কেন্দ্ৰৰ পৰা প্ৰথম অসমীয়া বাতৰি পঢ়োতা , আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন উপ সঞ্চালক বৰদলৈৰ মৃত্যুক কটন পৰিয়ালে এক বৃহৎ ক্ষতি বুলি গণ্য কৰিছে।
পূৰ্বৰ কটন কলেজ আৰু বৰ্তমানৰ কটন বিশ্ববিদ্যালয়ত বৰদলৈদেৱে সমল ব্যক্তি হিচাপে কেবাবছৰ ধৰি শিক্ষাদানৰ উপৰিও পৰীক্ষক হিচাগে আগবঢ়োৱা সেৱাৰ কথা শ্ৰদ্ধাৰে সোৱৰণ কৰা হয়। শনিবাৰে বিভাগটোৰ মূৰব্বী ড০ অভিজিৎ বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত এখন শোকসভাত প্ৰয়াত বৰদলৈৰ আত্মাৰ চিৰশান্তিৰ অৰ্থে এক মিনিট সময় মৌনতা অৱলম্বনেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰা হয়।