নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–বাংলা মৈত্রী দৃঢ় কৰাত সাংবাদিকে ল’ব পাৰে ভূমিকা

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ ভাৰত–বাংলাদেশৰ মাজৰ সম্পর্ক সুদৃঢ় কৰাৰ ক্ষেত্রত দুই দেশৰ সাংবাদিকৰ মঞ্চই এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে৷ দুই দেশৰ মাজত তথ্য আদান–প্রদান, সাংস্কৃতিক মৈত্রী–বান্ধোন দৃঢ় কৰাৰ ক্ষেত্রতো ইণ্ডো–বাংলা জার্নেলিষ্ট ফ’ৰামে সেতু বন্ধনৰ ভূমিকা ল’ব পাৰে৷ এই দিশত অধিক আগুৱাই নিয়াৰ ক্ষেত্রত শুকুৰবাৰে অনুষ্ঠিত ফ’ৰামৰ এখন অনলাইন বৈঠকত দুয়োখন দেশৰ সাংবাদিকে ঐকমত্য পোষণ কৰে৷

বৈঠকত অংশগ্রহণ কৰে ইণ্ডিয়ান জার্নেলিষ্ট ইউনিয়ন (আই জে ইউ)ৰ সভাপতি তথা আই বি জে এফৰ সভাপতি গীতার্থ পাঠক, জার্নেলিষ্ট ইউনিয়ন অৱ আছাম (জুৱা)ৰ কার্যকৰী সভাপতি তথা ইণ্টাৰনেচনেল ফেডাৰেচন অৱ জার্নেলিষ্টৰ জেণ্ডাৰ কাউন্সিলৰ সদস্য অসমৰ সাংবাদিক চেমিম চুলতানা আহমেদ, জুৱাৰ কোষাধ্যক্ষ তথা সাংগঠনিক সম্পাদক ডুইনা বৰবৰুৱাৰ লগতে ভাৰতৰ ভিন্ন প্রান্তৰ জ্যেষ্ঠ সাংবাদিকসকল শিৱ কুমাৰ, আছেম ভক্ত, বছিৰ মাদালা, এছ পি গৌড়, ছহিদুল ইছলাম, বিশ্বজিৎ, চৈয়দ আবু তাহিৰ আদিয়ে৷ এওঁলোক একে সময়তে আই জে ইউ আৰু ফ’ৰামৰো সদস্য৷ আনহাতে, ফ’ৰামৰ বাংলাদেশৰ হৈ প্রতিনিধিত্ব কৰে ছাজাদ আলম খান টাপু, চৌকত আলী, খুৰচিদ ছাপ্লা, নাছৰিণ গীতি, দীপক আচার্য, এম এ হাদি, ফ’ৰামৰ উপ–সভাপতি খাইৰুজ্জামান কামাল আদিয়ে৷ বৈঠকত ফ’ৰামৰ সভাপতি পাঠকে কয় যে ফ’ৰামৰ এটা ৱেবছাইট মুকলি কৰা হ’ব৷

ইয়াৰ জৰিয়তে দুয়োখন দেশৰ বিভিন্ন তথ্য আদান–প্রদান কৰা হ’ব৷ একে সময়তে সাংস্কৃতিক বিনিময়ত গুৰুত্ব আৰোপ কৰাও হ’ব৷ এই ফ’ৰামখন অধিক প্রসাৰিত কৰি দক্ষিণ ভাৰতীয় সাংবাদিকৰ একত্রিত মঞ্চলৈ ৰূপান্তৰিত কৰাৰ প্রস্তাৱ দাঙি ধৰে৷ ফ’ৰামৰ সঘন বৈঠক অনুষ্ঠিত কৰাৰ ওপৰতো সভাপতিজনে গুৰুত্ব আৰোপ কৰে৷ দুয়োখন দেশৰ সাংস্কৃতিক বিনিময়, তথ্য আদান–প্রদান আদি দিশৰ ওপৰতে অংশগ্রহণকাৰী সকলে বক্তব্য প্রকাশ কৰে৷ ১৫ আগষ্টত বংগবন্ধু মহম্মদ মুজিবুৰ ৰহমানৰ শোক পালনৰ দিনটোলৈ লক্ষ্য কৰি বাংলাদেশৰ সাংবাদিকসকলৰ আহ্বানমর্মে ফ’ৰামে সন্মান প্রদর্শন কৰে৷

You might also like