লকডাউন শিথিল: প্রেছ ক্লাবৰ প্রেক্ষাগৃহ পুনৰ মুকলি
নিয়মীয়া বাৰ্তা ৯ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি দীর্ঘদিন ধৰি বন্ধ ৰখা গুৱাহাটী প্রেছ ক্লাবৰ প্রেক্ষাগৃহ পুনৰ ৰাইজৰ বাবে মুকলি কৰা হয়৷ প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্রেছ ক্লাবৰ প্রেক্ষাগৃহ পুনৰ মুকলি কৰা হয়৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড০ শ্বাহ মহম্মদ তনভী মঞ্চুৰ৷ প্রেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত লকডাউনৰ সময়ছোৱাত নিপীড়িত সাংবাদিকসকলক সহায়ৰ হাত আগবঢ়োৱা কেইবাগৰাকী ব্যক্তি–বিশেষক আনুষ্ঠানিকভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়৷
প্রেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ে জানিবলৈ দিয়া মতে এই অনুষ্ঠানত ৰাজ্যিক ক্রীড়া আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্যসচিব লক্ষ্য কোঁৱৰ, এয়াৰপ’ট অথৰিটী অৱ ইণ্ডিয়াৰ আঞ্চলিক কার্যবাহী সঞ্চালক, ইণ্ডিয়ান অইল কর্প’ৰেচন, আজমল ফাউণ্ডেচন, বিশিষ্ট অধিবক্তা বিজন মহাজন, ব্যতিক্রম মাছডোৰ সভাপতি সৌমেন ভাৰতীয়া, ৰটাৰী ক্লাব, ডনবস্ক’ ইনষ্টিটিউট, ইণ্ডিয়া টুৰিজম, সাংবাদিক অভিজিৎ গগৈ, ব্যৱসায়ী সন্দীপ নাহাটা, স্বেচ্ছাসেৱী সংগঠন জাষ্ট বি ফ্রেইণ্ডলীকে ধৰি সাংবাদিকসকলক সহায় কৰা অন্যান্য বহু ব্যক্তিক গামোচা, সম্বর্ধনা–পত্র আদিৰে সন্মান জনোৱা হয়৷