নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা অসম ৰাজ্যিক চিৰিয়াখানা ব্যক্তিগত খণ্ডক গতাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰে প্রায় ১৭৫ হেক্টৰ ভূ–খণ্ডত থকা জাতীয় সম্পদ অসম ৰাজ্যিক চিৰিয়াখানা পৰিচালনাৰ দায়িত্ব বহিঃৰাজ্যৰ বণিয়াক অর্পণ কৰা বুলি চিৰিয়াখানা সুৰক্ষা মঞ্চই অভিযোগ কৰে৷ মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই জানিবলৈ দিয়া মতে, ৰাজ্য চৰকাৰে যোৱা ১৪ আগষ্টত অসম ৰাজ্যিক চিৰিয়াখানা গুজৰাটৰ দুটা প্রতিষ্ঠানক গতাই দিয়াৰ বাবে যাৱতীয় প্রস্তুতি সম্পন্ন কৰি তুলিছে৷ অৱশ্যে গুজৰাটৰ প্রতিষ্ঠান দুটাক সহযোগ কৰাৰ বাবে অসমৰো এটা ব্যক্তিগত প্রতিষ্ঠানক দায়িত্ব অর্পণ কৰা বুলি মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই জনাইছে৷ লক্ষণীয়ভাৱে এইক্ষেত্রত ৰাজ্য চৰকাৰ তথা অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই মৌনতা অৱলম্বন কৰা বুলি তেওঁ ‘নিয়মীয়া বার্তা’ৰ সাংবাদিকক জানিবলৈ দিছে৷ ইপিনে, বিভাগীয় কর্তৃপক্ষৰ হেমাহিৰ বাবে যোৱা তিনি বছৰত ৰাজ্যিক চিৰিয়াখানাত প্রায় ১২০০ বিভিন্ন প্রজাতিৰ বন্যপ্রাণীৰ মৃত্যু হোৱা বুলি তেওঁ অভিযোগ তুলি কয় যে যোৱা ২০১৭ চনৰ মে’ মাহৰ পৰা ২০১৯ চনৰ এপ্রিল মাহলৈ চিৰিয়াখানাত এহাজাৰ জীৱ–জন্তু মৃত্যুমুখত পৰিছে৷ ইয়াৰ বিপৰীতে ২০১৯ৰ এপ্রিলৰ পৰা চলিত বর্ষৰ আগষ্ট মাহলৈ চিৰিয়াখানাত প্রায় দুশ বন্যপ্রাণীৰ মৃত্যু হোৱা বুলি তেওঁ সদৰী কৰে৷ তাতোকৈ গুৰুত্বপূর্ণ কথা এই যে চিৰিয়াখানাৰ ডি এফ অ’ৰ নেতৃত্বত চিৰিয়াখানাৰ পৰা দুষ্প্রাপ্য নলগাহৰি আৰু হাড়গিলাকে ধৰি অন্যান্য বন্যপ্রাণী চোৰাংভাৱে আন্তঃৰাষ্ট্রীয় পর্যায়লৈ সৰবৰাহ কৰা হৈছে৷ এইক্ষেত্রত বনমন্ত্রী পৰিমল শুক্লবৈদ্যক মঞ্চৰ তৰফৰ পৰা অৱগত কৰাৰ পাছতো বনমন্ত্রীগৰাকীয়ে কোনো ব্যৱস্থা গ্রহণ কৰা নাই বুলি তেওঁ কয়৷ সেয়ে এইক্ষেত্রত অসম চৰকাৰক স্থিতি স্পষ্ট কৰাৰ বাবে মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছে৷