মহানগৰীৰ ৰাজপথত শ শ যাত্রীৰ দুর্ভোগ
মটৰ পৰিবহণ সন্থাৰ অনির্দিষ্টকালীন চকাবন্ধঃ পর্যাপ্ত পৰিমাণে নচলিল চিটীবাছ
নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ জনতাক পণবন্দী কৰি সদৌ অসম মটৰ পৰিবহণ সন্থাই ৫ অক্টোবৰৰ পৰা দিয়া অনির্দিষ্টকালীন যাত্রীবাহী বাহনৰ চকাবন্ধৰ ফলত দুর্ভোগ ভুগিবলগীয়া হৈছে ৰাজ্যৰ লগতে মহানগৰীৰ সাধাৰণ ৰাইজে৷ সদৌ অসম মটৰ পৰিবহণ সন্থাই বিভিন্ন দাবীৰ সমর্থনত অনির্দিষ্টকালীন চকাবন্ধৰ কার্যসূচী ৰূপায়ণ কৰাত গুৱাহাটী মহানগৰীত যাতায়াতৰ ব্দক্ষত্রত দুর্ভোগ ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে৷ ৰাজ্যবাসীৰ যাতায়াতৰ সুবিধাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমে ৰাজ্যত মুঠ ৬৫০খন নিগমৰ বাহন চলোৱাৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰ ভিতৰত ২৫০খন বাহন গুৱাহাটী মহানগৰীত চলোৱাৰ কথা আছিল৷ সোমবাৰৰ পৰা এএছটিচিৰ অধীনত ২৫০খন বাহন মহানগৰীৰ বিভিন্ন পথত চলাচল কৰিছে৷ কিন্তু ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত জনসংখ্যাৰ অনুপাতে এই বাছ সেৱা তেনেই নগণ্য৷ ফলস্বৰূপে গুৱাহাটী মহানগৰীত বাছৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হৈছে যাত্রীসকলে৷ এএছটিচি কর্তৃপক্ষই যাত্রীৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি আজিৰে পৰা মহানগৰীৰ ৰাজপথত তিনিশখন বাছ চলাব৷ এএছটিচিৰ অধীনত চলা বাছসমূহ নাৰেংগী–পানীখাইতী–চ পথত চলাচল নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷ উক্ত পথত এএছটিচিৰ বাছ চলাচল নকৰাত চৰকাৰী–বেচৰকাৰী কার্যালয়ত কর্মৰত কর্মচাৰী আৰু শিক্ষার্থীসকলে দুর্ভোগ ভুগিবলগীয়া হৈছে৷ লকডাউনৰ আগতেই এই পথছোৱাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুখনকৈবাছ প্রতিদিনে চলিছিল৷ কিন্তু লকডাউনৰ পিছৰ পৰা এই মুহূর্তলৈ পথছোৱাত চলাচল কৰা নাই পৰিবহণ নিগমৰ কোনো বাছ৷ তদুপৰি সদৌ অসম মটৰ পৰিবহণ সন্থাই জনোৱা অনির্দিষ্টকালীন চকাবন্ধৰ এই সময়ছোৱাতো ৰাজ্যিক পৰিবহণ নিগমে প্রদান কৰা নাই পূর্বৰ বাছ সেৱা৷ ফলত পণবন্দী হৈ পৰিছে চন্দ্রপুৰ–পানীখাইতী অঞ্চলৰ হাজাৰ হাজাৰ সাধাৰণ জনতাই৷ উল্লেখ্য যে সদৌ অসম মটৰ পৰিবহণ সন্থাই আজি পৰিবহণ মন্ত্রীৰে আলোচনাত মিলিত হৈছিল৷ কিন্তু সন্থাৰ দাবীসমূহ পূৰণ কৰাৰ প্রতিশ্রুতি নিদিয়াত অনির্দিষ্ট কাললৈ চকাবন্ধ কার্যসূচী বাহাল থাকিব বুলি সন্থাই সংবাদ মাধ্যমক জানিবলৈ দিছে৷