নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত সুকলমে গণৰাজ্য দিৱস উদযাপনক লৈ তৎপৰ প্রশাসন

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত কালি উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত জিলা প্রশাসন, আৰক্ষী, লোকনির্মাণ, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, স্বাস্থ্য, সাংস্কৃতিক পৰিক্রমা, পর্যটন, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ, পৰিবহণ, এপিডিচিএল, তথ্য আৰু জনসংযোগ আদি বিভাগৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এক গুৰুত্বপূর্ণ সভাত আগন্তুক গণৰাজ্য দিৱস উদ্যাপনৰ সৈতে জডিত বিভিন্ন বিষয় বিশদভাৱে আলোচনা কৰা হয়৷

সভাত জিলা উপায়ুক্ত পেগুৱে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অহা ২৬ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ মূল কার্যসূচীৰ বিষয়ে এক আভাস দাঙি ধৰে আৰু সংশ্লিষ্ট বিভাগসমূহে গণৰাজ্য দিৱস সুকলমে উদযাপন কৰাৰ ক্ষেত্রত পালন কৰিবলগীয়া দায়িত্ব আৰু কর্তব্যৰ বিষয়ে বিতংভাৱে অবগত কৰে৷ জিলা উপায়ুক্তগৰাকীয়ে লোকনির্মাণ বিভাগকে ধৰি সংশ্লিষ্ট সকলো বিভাগকে গণৰাজ্য দিৱস উদযাপনৰ বাবে পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখন নির্ধাৰিত সময়ৰ ভিতৰত উপযুক্ত ধৰণে সাজু কৰি তুলিবলৈ প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে৷

সভাত নিৰাপত্তাৰ সৈতে জডিত বিষয়সমূহৰ লগতে খেলপথাৰ, বাট–পথসমূহৰ পৰিষ্কাৰ–পৰিচ্ছন্ন, ক’ভিড–১৯ৰ প্রট’কল আদিৰ বিষয়েও আলোচনা হয়৷ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে সভাত প্রতিটো বিভাগে পালন কৰিবলগীয়া দায়িত্বসমূহ বিস্তৃতভাৱে ব্যাখ্যা কৰে৷ গুৱাহাটী আৰক্ষীৰ ডিচিপি বেদান্ত মাধৱ ৰাজখোৱাই গণৰাজ্য দিৱসত আৰক্ষীয়ে গ্রহণ কৰিবলগীয়া ভূমিকাৰ বিষয়ে সভাত কয়৷ সভাত অতিৰিক্ত উপায়ুক্তসকল ক্রমে চিন্ময় নাথ, মুনীন্দ্র বৰদলৈ আৰু পল্লৱী কছাৰী, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত সিদ্ধার্থ গোস্বামীৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত আছিল৷

You might also like