সেনাৰ কনভয়ৰ সুৰক্ষাৰে চন্দ্রপুৰলৈ আবর্জনাভর্তি বাহন
ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে প্রতিবাদী ৰাইজৰ ১০ ঘণ্টীয়া অনশন
নিয়মীয়া বাৰ্তা ২৯ জুনঃ বৃহত্তৰ চন্দ্রপুৰ অঞ্চলবাসীৰ তীব্র প্রতিবাদ আৰু বিৰোধিতাৰ পিছতো গুৱাহাটী পৌৰ নিগমে সোমবাৰে পুৱাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পত নতুন ডাম্পিং গ্রাউণ্ড স্থাপন কৰা স্থলীলৈ লৈ আহিল কেইবাখনো জাবৰভর্তি বাহন৷ চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতাৰে বিগত কেইবাদিন ধৰি ধাৰাবাহিক আন্দোলন আৰু প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি থকাৰ সমান্তৰালকৈ আজিও চন্দ্রপুৰ অঞ্চলৰ কেইবাটাও দল–সংগঠনে পুৱা ৬ বজাৰ পৰা চন্দ্রপুৰ তিনিআলিত এক দহ ঘণ্টীয়া অনশন কার্যসূচী ৰূপায়ণ কৰে৷ ঠিক তেনে সময়তে জিলা প্রশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে বৃহত্তৰ চন্দ্রপুৰ অঞ্চলত৷
আগে–পাছে সেনা–আৰক্ষীৰ দীঘলীয়া কনভয় লৈ প্রতিবাদকাৰীসকলৰ্ সন্মুখেৰে সাতখনকৈ জাবৰ–আবর্জনাৰে ভর্তি বাহন নতুনকৈ প্রস্তাৱিত ডাম্পিং গ্রাউণ্ডলৈ লৈ যায় গুৱাহাটী পৌৰ নিগম কতৃপক্ষই৷ জাবৰ–আবর্জনা কঢ়িয়াই লৈ যোৱা বাহনসমূহক চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পৰ নিৰাপত্তাৰক্ষীয়ে বাধা আৰোপ কৰাত এজন উচ্চপদস্থ আৰক্ষী বিষয়াই নিৰাপত্তাৰক্ষীৰ হাবিলদাৰ ৰেবাকান্ত দাসক প্রহাৰ কৰে৷ উচ্চপদস্থ আৰক্ষী বিষয়াগৰাকীৰ এনে কার্যক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ হাবিলদাৰ ৰেবাকান্ত দাসে জানিবলৈ দিয়া মতে কালি নিশাই প্রকল্পটোৰ পৰিচালন সঞ্চালকে প্রকল্পটোৰ প্রৱেশদ্বাৰেৰে আৰক্ষীৰ বাহনৰ বাহিৰে আন বাহনৰ প্রৱেশত বাধা দিবলৈ এক নির্দেশ দিছিল৷ যাৰ বাবে আজি পুৱা ৪ বজাৰ পৰাই নিৰাপত্তাৰক্ষীসকলে নিজৰ নিজৰ কর্তব্য পালন কৰিছিল৷
ইপিনে, সোমবাৰে পুৱা ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চৰ আহ্বানত চন্দ্রপুৰ ইউকো বেংক তিনিআলিত বিভিন্ন দল–সংগঠনে ১০ ঘণ্টীয়া অনশন কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদকাৰী ৰাইজে চৰকাৰবিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদকাৰী ৰাইজে যাতে কোনো কাৰণতে জাবৰ–আবর্জনা কঢ়িওৱা বাহনক বাধা প্রদান কৰিব নোৱাৰে তাৰ বাবে প্রশাসনে আৰক্ষী অর্ধসামৰিক বাহিনীৰে ঘেৰি ৰাখে৷ বিয়লি ৪ বজাত অনশনৰ অন্তত চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ডৰ বিৰোধিতা কৰি চন্দ্রপুৰবাসী ৰাইজে ৰাজ্য চৰকাৰৰ জলসম্পদমন্ত্রী পীয়ূষ হাজৰিকাক এখন স্মাৰক–পত্র প্রদান কৰে৷ আৰু মন্ত্রীগৰাকীয়ে এই সন্দর্ভত মুখ্যমন্ত্রীৰ লগত এক আলোচনাত মিলিত হ’ব বুলি ৰাইজক আশ্বাস দিয়ে৷