ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে সাজু কামৰূপ মেট্ৰ’
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ কামৰূপ মেট্ৰ’ জিলাত বৰ্তমান ২৯টা শীতলীকৰণ ভঁৰাল কাৰ্যক্ষম হৈ আছে আৰু ইয়াত ৩,২২,১৭০ ড’জ ক’ভিড ভেকচিন মজুত ৰখাৰ ব্যৱস্থা আছে৷ ইতিমধ্যে জিলাখনত প্ৰতিষেধক প্ৰদান কৰিব লগীয়া ব্যক্তিৰ পঞ্জীয়নো আৰম্ভ হৈছে৷
ক’ভিড-১৯ প্ৰতিষেধকৰ পৰীক্ষাৰ অন্তিম পৰ্যায় পোৱাৰ লগে লগে বৃহৎ হাৰত প্ৰতিষেধক প্ৰদানৰ বাবে সাজু হৈছে কামৰূপ(মহানগৰ) জিলা৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশানুযায়ী ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা হৈছে জিলাখনত৷
প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে জিলা উন্নযন আয়ুক্ত অতুল চন্দ্ৰ শৰ্মাৰ অধ্যক্ষতাত ক’ভিড প্ৰতিষেধক সম্পৰ্কীয় টাস্ক ফ’ৰ্চৰ এখন গুৰূত্বপূৰ্ণ বৈঠক বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফৰ প্ৰতিনিধিৰ উপস্থিতিত যোৱা ১৪ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়৷ এই বৈঠকতে বিভিন্ন বিভাগৰ সমন্বয়ত প্ৰতিষেধক প্ৰদানৰ বাবে এক পৰিকাঠামো প্ৰস্তুত কৰা হয়৷ বৈঠকখনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰা আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডা° গনেশ শইকীয়া, জিলা টীকাকৰণ বিষয়াৰ লগতে শিক্ষা, সমাজ কল্যাণ, প্ৰতিৰক্ষা, গৃহ, ৰেল বিভাগ আৰু পৌৰ নিগমৰ মুৰব্বীসকল উপস্থিত থাকে৷
এই বৈঠকত অধ্যক্ষ শৰ্মাই সমাজ কল্যাণ, প্ৰতিৰক্ষা, গৃহ, ৰেল বিভাগ আৰু পৌৰ নিগমক প্ৰথম পৰ্যায়ত প্ৰতিষেধক প্ৰদান কৰিবলগা স্বাস্থ্য কৰ্মী আৰু সংশ্লিষ্ট বিভাগৰ ফ্ৰণ্টলাইন কৰ্মীসকলৰ তালিকা জৰুৰীভাৱে প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ দিয়ে৷ এইক্ষেত্ৰত অংগনৱাড়ী কৰ্মী সকলকো অন্তৰ্ভুক্ত কৰাৰ বাবে সমাজ কল্যাণৰ নডেল বিষয়াক তেওঁ পৰামৰ্শ আগবঢ়ায়৷ লগতে তেওঁলোকক প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত জড়িত কৰিব পৰাকৈ উপযুক্ত প্ৰশিক্ষণ দিয়াৰ বাবেও বিভাগটোৰ ন’ডেল বিষয়াজনক নিৰ্দেশ দিয়ে৷
এই কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ অধীনৰ আত্মসহায়ক গোটসমূহকো জড়িত কৰাৰ সিদ্ধান্ত লোৱা হয়৷ প্ৰতিষেধক প্ৰদানৰ সুবিধাৰ্থে বিদ্যালয়সমূহ ব্যৱহাৰ কৰাৰ বাবে শিক্ষা বিভাগৰ ন’ডেল বিষয়াক প্ৰস্তাৱঁ কৰে অধ্যক্ষ শৰ্মাই৷ লগতে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত শিক্ষক আৰু শিক্ষামিত্ৰ সকলে ল’ব পৰা ভুমিকাৰ বিষয়েও আলোচনা কৰা হয়৷
প্ৰতিৰক্ষা বিভাগৰ কৰ্মীসকলক প্ৰতিষেধক প্ৰদানৰ প্ৰশিক্ষণ দিবলৈ বিভাগৰ ন’ডেল বিষয়াক অনুৰোধ কৰা হয়৷ লগতে প্ৰাক্তন জোৱান আৰু NCC কেডেটসকলকো জড়িত কৰিবলৈ সিদ্ধান্ত লোৱা হয়৷ ইয়াৰ উপৰিও প্ৰতিটো প্ৰতিষেধক প্ৰদান কেন্দ্ৰত পৰ্য়াপ্ত গৃহৰক্ষী জোৱান নিযুক্ত কৰিবলৈও অনুৰোধ কৰা হয়৷