নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা আকৌ খুলিল ৰেষ্টুৰেণ্ট, খাব পাৰিব সুস্বাদু খাদ্য, কিন্তু…

নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে কামৰূপ (মহানগৰ) জিলাত বলৱৎ কৰা ২১ দিনীয়া লকডাউনৰ অন্তত শনিবাৰৰে পৰা আৰম্ভ হৈছে আনলক প্রক্রিয়া৷  ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ঘোষণা কৰা ‘আন লক ১.০’ৰ অধীনত প্রদান কৰা হৈছে কেতবোৰ শিঠিলতা৷

সেই অনুসৰি আজিৰে পৰা খোল খাব মহানগৰীৰ ৰেষ্টুৰেণ্টসমূহ। ৰেষ্টুৰেণ্টসমূহ খোলাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব সোঁফাল-বাওঁফাল নীতি।

ইপিনে ৰেষ্টুৰেণ্টসমূহ খোল খালেও ৰেষ্টুৰেণ্টসমূহৰ ভিতৰত বহি গ্ৰহণ কৰিব নোৱাৰিব খাদ্য । ৰেষ্টুৰেণ্টসমূহে কেৱল কৰিব পাৰিব হোম ডেলিভাৰীৰ ব্য়ৱস্থা। এক জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিলে কামৰূপ মহানগৰ জিলা দণ্ডাধীশে ।

উল্লেখ্য যে নির্দিষ্ট নীতি–নিয়মৰ অধীনত কামৰূপ মহানগৰ জিলাত ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় খুলিবলৈ অনুমতি প্রদান কৰা হৈছে৷

You might also like