অসমীয়া চলচ্চিত্র ‘ৰাইনো এক্সপ্রেছ’লৈ দৰ্শকৰ বিপুল সঁহাৰি
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ দীঘলীয়া বিৰতিৰ পাছত অসমৰ ছবিগৃহলৈ আহিল অসমীয়া কমেডী ছবি ‘ৰাইনো এক্সপ্রেছ’৷ ৪ মার্চত মুক্তিলাভ কৰা এই ‘ৰাইনো এক্সপ্রেছ’ অসমৰ সকলো ছবিগৃহতে চলি আছে৷ ‘ৰাইনো এক্সপ্রেছ’–এ দর্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে আৰু অসমীয়া চলচ্চিত্র উদ্যোগলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷ গুৱাহাটীৰ খ্রীষ্টানবস্তিত থকা চিটী চেণ্টাৰৰ পি ভি আৰত যুৱ প্রজন্মৰ হার্টথ্র’ব জুবিন গার্গে উপভোগ কৰিলে ‘ৰাইনো এক্সপ্রেছ’৷
অসমীয়া কমেডী ছবিখন চাই জুবিন গার্গ মুগ্ধ হৈ পৰে আৰু তেওঁ কয় যে ‘ৰাইনো এক্সপ্রেছ’ৰ প্রতিটো দৃশ্য আৰু সংলাপ সুন্দৰ হৈছে আৰু পৰিয়ালৰ সকলো সদস্য একেলগে বহি চাব পৰা এক পৰিৱেশ সৃষ্টি কৰিছে৷ জুবিন গার্গে অসমবাসীক ‘ৰাইনো এক্সপ্রেছ’ক সঁহাৰি জনাবলৈ আৰু উপভোগ কৰিবলৈ আহ্বান জনায়৷ গায়ক জুবিন গার্গে অসমৰ জনসাধাৰণক আহ্বান জনাই কয়– সকলো ৰাইজ ওলাই আহক, দৌৰি দৌৰি আহক আৰু অসমীয়া ছবি চাওক৷ তেওঁ আৰু কয় যে ক’ৰোনা মহামাৰীৰ বাবে যোৱা দুবছৰ ধৰি অসমীয়া চলচ্চিত্র সম্পূর্ণৰূপে ক্ষতিগ্রস্ত হৈছে৷ কিন্তু ‘ৰাইনো এক্সপ্রেছ’ৰ মুক্তিৰ লগে লগে এক নতুন শক্তি লাভ কৰিছে সকলোৱে৷ এই উপলক্ষে ছবিখনৰ অভিনেতা বিবেক বৰাকে ধৰি আন লোকসকলো জুবিনৰ সৈতে উপস্থিত থাকে৷ যোৱা ৪ মার্চত ‘ৰাইনো এক্সপ্রেছ’ সমগ্র অসমৰ ৪০টাতকৈও অধিক ছবিগৃহত মুক্তি লাভ কৰে৷ যোৰহাটৰ ইনস্ক’ত ‘ৰাইনো এক্সপ্রেছ’ৰ হাউছফুল হৈছে৷ ‘ৰাইনো এক্সপ্রেছ’ উপভোগ কৰি সকলো দর্শকে আপ্লুত হৈছে আৰু এই ছবিখনক শ্রেষ্ঠ ছবি বুলি প্রশংসা কৰিছে৷