নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিলিংকাটাৰ ৰীণা দাস হত্যাকাণ্ডঃ ১৫ দিনে হত্যাকাৰী বিচাৰি নাপালে বশিষ্ঠ আৰক্ষীয়ে

নিয়মীয়া বার্তা, ২৩ নৱেম্বৰঃ মহানগৰীৰ বশিষ্ঠ থানাৰ অন্তর্গত পিলিংকাটাত নিজ বাসগৃহত ৰীণা দাস নামৰ এগৰাকী মহিলাক দুর্বৃত্তই হানি–খুঁচি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ ১৫ দিন পাৰ হোৱাৰ পিছতো হত্যাকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী৷ এনএছএছৰ অৱসৰপ্রাপ্ত বিষয়া ৰীণা দাসৰ হত্যাকাণ্ড সন্দর্ভত আৰক্ষীয়ে বশিষ্ঠ থানাত এটা গোচৰ ৰুজু কৰি বিভিন্ন দৃষ্টিকোণৰ পৰা তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনাৰ ১৫ দিনৰ পিছতো মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে হত্যাকাৰী৷

পিলিংকাটাত যোৱা ৯ নৱেম্বৰত সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দর্ভত আৰক্ষীয়ে নৃশংস হত্যাৰ বলি হোৱা ৰীণা দাসৰ পুত্র অভিনন্দন দাস আৰু বোৱাৰী ললিতা দলৈ দাসসহ কেইবাজনো ব্যক্তিক ইতিমধ্যে সোধা–পোছা কৰি আৰক্ষীয়ে হত্যাকাণ্ড সন্দর্ভত নতুন নতুন ক্লু পাইছে যদিও মূল হত্যাকাৰীক আজিও গ্রেপ্তাৰ কৰিবলৈ সক্ষম হেৱা নাই৷

পাৰিবাৰিক কন্দল অথবা সম্পত্তিৰ লোভত মহিলাগৰাকীক দুর্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰি নিজ বাসগৃহৰ শৌচাগাৰত মৃতদেহ পেলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ উল্লেখ্য যে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দর্ভত আৰক্ষীয়ে ৰীণা দাসৰ পুত্র–বোৱাৰীকে ধৰি তেওঁ কার্যালয়ৰ মুকেশ কুমাৰ গুপ্তা নামৰ এজন যুৱককো আজি সোধা–পোছা কৰা বুলি মহানগৰ আৰক্ষীৰ এক সূত্রই জানিবলৈ দিছে৷

অৱশ্যে শীঘ্রে ৰীণা দাসৰ হত্যাকাৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি কামৰূপ মহানগৰ জিলাৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে জানিবলৈ দিছে৷

You might also like