নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পত বাঘৰ মুক্ত বিচৰণ

নিয়মীয়া বার্তা, ২৩ নৱেম্বৰঃ চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পৰ আৱাসিক চৌহদত পুনৰ বাঘৰ মুক্ত বিচৰণে আতংকিত কৰি তুলিছে আৱাসীসকলক৷ জানিব পৰা মতে, প্রকল্প এলেকাটোত শেহতীয়াকৈ প্রকাণ্ড নাহৰফুটুকী বিচৰণ কৰি থকা প্রত্যক্ষ কৰিছে একাংশ কর্মচাৰীয়ে৷ পৰহি নিশা নাহৰফুটুকীটোৰ মুখামুখি হয় এজন কর্মচাৰী৷

প্রাপ্ত তথ্য অনুসৰি, আৱাসিক এলেকাত থকা ফণীধৰ কলিতা নামৰ কর্মচাৰীজনে নিশা প্রায় চাৰে ন–মান বজাত চন্দ্রপুৰৰ পৰা বজাৰ কৰি নিজ আৱাসলৈ গৈ আছিল৷ কর্মচাৰীজনে কোৱা মতে, তেওঁ প্রকল্পৰ মূল প্রৱেশদ্বাৰেদি প্রৱেশ কৰি প্রায় এক কিলোমিটাৰ মান যোৱাৰ পিছতে পথৰ ওপৰত ৰৈ থকা প্রত্যক্ষ কৰে আনুমানিক পাঁচ ফুট দৈর্ঘ্যৰ এটা প্রকাণ্ড নাহৰফুটুকী৷

কর্মচাৰীজনৰ দুচকীয়া বাহনৰ লাইটৰ পোহৰ দেখাৰ লগে লগে নাহৰফুটুকীটোৱে কাষৰ হাবিয়নিৰ ভিতৰলৈ সোমাই যায়৷ আকস্মিকভাৱে নাহৰফুটুকীটো প্রত্যক্ষ কৰি আতংকিত হৈ পৰে আৰু তাতে কিছু সময় অপেক্ষা কৰি নিজ গৃহলৈ যাবলৈ সক্ষম হয় কর্মচাৰীজন৷

উল্লেখ্য যে ইয়াৰ পূর্বেও আৱাসিক এলেকাটোত বাঘৰ মুক্ত বিচৰণ হোৱাৰ লগতে বহু পশুধন নিধন কৰিছিল৷ সেই সময়ত বন বিভাগে অভিযান পর্যন্ত চলাইছিল৷ কিন্তু শেহতীয়াকৈ পুনৰ বাঘৰ বিচৰণে আতংকিত কৰি তুলিছে আৱাসীসকলক৷ উল্লেখ্য যে ১৯৯৯ চনৰ পৰা উৎপাদন বন্ধ হৈ থকাৰ ফলত গভীৰ অৰণ্যলৈ পর্যবসিত হৈছে প্রকল্পৰ চৌহদ৷

You might also like