নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাহিলিপাৰাৰ অন্তৰা পথত যাতায়াতত দুর্ভোগ ৰাইজৰ

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ অকর্মণ্যতা আৰু দায়িত্বজ্ঞানহীনতাৰ ফল ভুগিছে সমষ্টিবাসীয়ে৷ বিধায়ক বৰাৰ হেমাহিৰ বাবে সমষ্টিটোৰ বিভিন্ন স্থানত জৰাজীর্ণ পথ, উপপথেৰে অঞ্চলবাসীয়ে যাতায়াত কৰিবলগীয়া হৈছে৷ ইয়াৰ উপৰি পথ, উপপথসমূহৰ কাষত বিজ্ঞানসন্মতভাৱে নলা–নর্দমা নির্মাণ নকৰাত সাধাৰণ এজাক বৰষুণতে কৃত্রিম বানত বুৰ যায় সমষ্টিটোৰ বহু অঞ্চল৷ ইয়াৰে এক অন্যতম উদাহৰণ হ’ল– কাহিলিপাৰাৰ অন্তৰা পথ৷ দিছপুৰ সমষ্টিৰ অন্তর্গত কাহিলিপাৰাৰ ২২০ মিটাৰ দৈর্ঘ্যৰ অন্তৰা পথটো এবছৰ পূর্বে গুৱাহাটী পৌৰ নিগমে নির্মাণৰ কাম আৰম্ভ কৰিছিল৷

এই পথটো মাত্র ৯০ মিটাৰ ব্লকেৰে বনাই ১২০ মিটাৰ এতিয়াও কেঁচা কৰিয়েই ৰাখে৷ স্থানীয় ৰাইজে গুৱাহাটী পৌৰ নিগম আৰু বিধায়ক অতুল বৰাক পথটো নির্মাণ সম্পূর্ণ কৰাৰ বাবে বহুবাৰ আবেদন–নিবেদন কৰাৰ পিছতো এইক্ষেত্রত গুৰুত্ব প্রদান নকৰিলে৷ যাৰ ফলত উন্মুক্ত নলাৰ পৰা ওলাই অহা লেতেৰা পানী গচকি যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে৷ ইয়াৰ উপৰি উক্ত পথটোত ষ্ট্রীট লাইট নথকাৰ সুযোগ লৈ একাংশ উচ্ছৃংখল যুৱকে নিচাজাতীয় দ্রব্য সেৱন কৰি পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে৷ শীঘ্রে উক্ত পথটো মেৰামতি কৰাৰ লগতে ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰিবলৈ জি এম চি, লোকনির্মাণ বিভাগ আৰু বিধায়ক অতুল বৰাক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে৷

You might also like