নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমাহ নৌহওঁতেই খলপে–খলপে খহিল ৫ লাখটকীয়া পথ

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ দুর্নীতিৰ অন্য এক নামলৈ পৰিণত হৈছে চন্দ্রপুৰ উন্নয়ন খণ্ডৰ চাৰিখন পঞ্চায়ত৷ কেৱল ঠিকাদাৰৰূপী বিজেপি নেতা–কর্মীৰ গিজগিজনিত সম্প্রতি প্রায়সমূহ উন্নয়নমূলক কাম–কাজত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ চন্দ্রপুৰ উন্নয়ন খণ্ডৰ কার্যালয়লৈ যোৱা এটা পথ নির্মাণৰ ক্ষেত্রতো ব্যাপক দুর্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷

উল্লেখ্য যে উন্নয়ন খণ্ড কার্যালয়লৈ যোৱা পথটো দীর্ঘদিনৰ পৰা জৰাজীর্ণ হৈ থকাৰ প্রতি লক্ষ্য কৰি পঞ্চদশ বিত্তীয় আয়োগৰ ৫ লাখ ১৫ হাজাৰ টকা ব্যয়েৰে মেৰামতি কৰাৰ উদ্দেশ্যে যোৱা বর্ষৰ ২ জুনত বিধায়ক অতুল বৰাই আধাৰশিলা স্থাপন কৰে৷ পথটো মেৰামতিৰ দায়িত্ব লাভ কৰে বিজেপিৰ এজন স্থানীয় যুৱনেতাই৷ জানিব পৰা মতে তদানীন্তন খণ্ড উন্নয়ন বিষয়া অবিন্দ্রজিৎ চক্রৱর্তী আৰু ঠিকাদাৰৰূপী যুৱনেতাজনে ৯২.৫ মিটাৰ দৈর্ঘ্যৰ পথটোত কেৱল সামান্য শিল আৰু বালি ছটিয়াই মেৰামতিৰ কাম সমাপ্ত কৰে৷

তথ্য অনুসৰি উক্ত পথছোৱাত পিভিচি ব্লক দিয়াৰ আঁচনি আছিল৷ সেই অনুসৰি ব্লক অনা হৈছিল পথটোৰ বাবে৷ কিন্তু অজ্ঞাত কাৰণত পিভিচি ব্লকসমূহ পুনৰ তাৰ পৰা লৈ যোৱা হয়৷ ফলত কেৱল শিল–বালি ছটিয়াই থোৱা পথছোৱা নির্মাণৰ ছমাহ নৌহওঁতেই পুনৰ জৰাজীর্ণ হৈ পৰে৷ প্রত্যক্ষ কৰা মতে শিলসমূহ উখহি উঠি সম্প্রতি চলাচলৰ একেবাৰে অনুপযোগী হৈ পৰিছে৷ বিশেষকৈ খোজকাঢ়ি অথবা দুচকীয়া বাহন চলাব নোৱৰা অৱস্থা হৈছে৷ অতি নিম্নমানৰ কামৰ বাবে ছমাহ নৌহওঁতেই পথটোৰ এনে দুৰৱস্থা হোৱা বুলি অভিযোগ উঠিছে৷ উত্থাপিত অভিযোগ অনুসৰি খণ্ড উন্নয়ন বিষয়া আৰু ঠিকাদাৰৰূপী বিজেপি নেতাৰ গোপন বুজাবুজিৰ জৰিয়তে আনুমানিক প্রায় এক লাখ টকা ব্যয় কৰি বৃহৎ অংকৰ ধন আত্মসাৎ কৰিছে৷ ফলস্বৰূপে কার্যালয়টোলৈ অহা–যোৱা কৰা বর্তমানৰ বিষয়া–কর্মচাৰী আৰু সাধাৰণ ৰাইজে চলাচল কৰাৰ ক্ষেত্রত জীয়াতু ভুগিছে৷ ৰাইজৰ উন্নয়নৰ বাবে সদাব্যস্ত কার্যালয়টোৰ একমাত্র পথটোৰ মেৰামতিৰ ক্ষেত্রত এনে অনিয়ম সংঘটিত কৰাক লৈ চর্চা লাভ কৰিছে সচেতন মহলৰ মাজত৷

You might also like