নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ সমষ্টি উন্নয়নত ব্যর্থ বিধায়ক অতুল বৰাঃ জৰাজীর্ণ পথ–উপ–পথেৰে ৰাইজৰ যাতায়াত

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীৰ সামগ্রিক উন্নয়নক লৈ এতিয়াও সজাগ নহয় একাংশ জনপ্রতিনিধি৷ স্মার্টচিটীৰ অভিলাষী প্রকল্প গ্রহণ কৰা গুৱাহাটীৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত জনপ্রতিনিধিয়ে চূড়ান্ত হেমাহি কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ অকর্মণ্যতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱাপানী, নলা–নর্দমা, কৃত্রিম বান, যাতায়াতকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে৷ সমষ্টিটোৰ অন্তর্গত ভগদত্তপুৰ দক্ষিণগাঁও সংযোগী পথ, বিকাশ নগৰ, শিৱনগৰ পথ, নাৰায়ণ পথ, বিদ্যামন্দিৰ পথ, বৰসজাইকে ধৰি কেইবাটাও জৰাজীর্ণ পথেৰে বছৰৰ পিছত বছৰ ধৰি অঞ্চলবাসীয়ে যাতায়াত কৰি আহিছে৷

বিধায়ক অতুল বৰা আৰু বিভাগীয় কর্তৃপক্ষক আবেদন–নিবেদন কৰিও কোনো সুফল নোপোৱাত শেহতীয়াকৈ অঞ্চলটোৰ জৰাজীর্ণ পথেৰে যাতায়াত কৰা ছগৰাকীকৈ কণমানি শিক্ষার্থীয়ে অঞ্চলটোৰ পথ, উপ–পথৰ মেৰামতিৰ দাবী জনাই মুখ্যমন্ত্রীলৈ পত্র প্রেৰণ কৰিছে৷ দেৱলক্ষ্মী শর্মা, হর্ষিতা বৰা, হর্ষিতা কাশ্যপ, পৰিমুগা শর্মা, উন্মিলন বৰুৱা আৰু হর্ষিৎ বৰুৱা নামৰ কণমানি ছাত্র–ছাত্রীকেইগৰাকী শিৱনগৰ, নাৰায়ণ পথ, বিদ্যামন্দিৰ পথ, ভগদত্তপুৰ–দক্ষিণ্ সংযোগী জৰাজীর্ণ পথকেইটা শীঘ্রে মেৰামতি কৰিবৰ বাবে পত্রযোগে মুখ্যমন্ত্রীক আহ্বান জনায়৷

এইকেইগৰাকী কণমানি ছাত্র–ছাত্রীয়ে পত্রযোগে পথ মেৰামতিৰ বাবে জনোৱা আবেদনক লোক নির্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কিমান গুৰুত্বসহকাৰে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে কেৱল এই অঞ্চলটোৰ ৰাইজেই নহয়, সমষ্টিটোৰ অন্তর্গত বহু অঞ্চলৰ ৰাইজে জৰাজীর্ণ পথেৰে যাতায়াত কৰি অহাৰ লগতে বিশুদ্ধ খোৱাপানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে৷

You might also like