হাতীগড় চাৰিআলি–জাপৰিগোগত দুর্বৃত্তৰ ধন লুট; মহানগৰবাসীক সুৰক্ষা প্রদানত ব্যর্থ আৰক্ষী
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা৷ আৰক্ষী, অর্ধসমৰিক বাহিনী, নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা মহানগৰীৰ মাজমজিয়াৰ হাতীগড চাৰিআলিত দিন–দুপৰতে দুষৃকতিকাৰীয়ে বেংকৰ গ্রাহকৰ পৰা লুট কৰি নিয়ে ৩.৫ লাখ টকা৷ উল্লেখ্য যে মহানগৰীৰ ভাস্কৰ নগৰৰ বাসিন্দা চানাউল্লাহ আহমেদ নামৰ ৰিক্সাচালকজনে নিজৰ কন্যাৰ বিবাহৰ বাবে হাতীগড চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ গীতানগৰ শাখাৰ পৰা শুকুৰবাৰে টকা উলিয়াবলৈ বেংকলৈ আহে৷ লিখা–পঢ়া নজনা চানাউল্লাহ আহমেদে বেংকৰ ধন উলিওৱা ফর্ম পূৰণ কৰিবলৈ এজন অচিনাক্ত যুৱকৰ সহায় বিচাৰে৷ অচিনাক্ত যুৱকজনে টকাখিনি উলিওৱাত চানাউল্লাহক সহায় কৰে৷ বেংকৰ পৰা নগদ ৩.৫ লাখ টকা উলিয়াই টকাখিনি চানাউল্লাই নিজ কন্যাৰ হাতত দি ঘৰমুৱা হয়৷
বেংকৰ পৰা ৰাজপথলৈ আহি থকাৰ সময়তে মটৰচাইকেলত অহা দুজনীয়া দুর্বৃত্তৰ দলৰ এজনে যুৱতীগৰাকীৰ হাতৰ পৰা টকাৰ বেগতো কাঢ়ি হাতীগড চাৰিআলি হৈ অম্বিকাগিৰী পথেৰে পলায়ন কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ চানাউল্লাহ আহমেদক সহায় কৰা অচিনাক্ত যুৱকজনক সন্দেহবশতঃ আটক কৰে৷ ধৃত যুৱকজন হৈছে বিহাৰৰ বির্জু শর্মা৷ ধৃত বির্জু শর্মাৰ সহাযোগীয়ে টকাখিনি লুট কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷
ঘটনা সন্দর্ভত গীতানগৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে, কালি জাপৰিগোগত এজন লোকৰ পৰা বাইকত অহা দুই দুর্বৃত্তই ৮ লাখ টকা লুট কৰি নিয়ে৷ ঘটনা সন্দর্ভত ভুক্তভোগী লোকজনে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে দুর্বৃত্তৰ কোনো শুংসূত্র উলিয়াব পৰা নাই৷