নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰে মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই ৰ’পৱে। মুঠ ৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই সেৱাৰ যোগেদি ৮ৰ পৰা ১০ মিনিটৰ ভিতৰত এতিয়াৰে পৰা পাৰ হ’ব পাৰিব বিশাল ব্ৰহ্মপুত্ৰৰ বুকু। প্ৰতিজন যাত্ৰীৰ পৰা ভাৰা হিচাপে লোৱা হ’ব ১০০টকাকৈ। দুই লেনযুক্ত ৰ’পৱেত থাকিব দুটাকৈ কেবিন। এটা কেবিনত এবাৰত ৩০ৰ পৰা ৩২জনকৈ যাত্ৰী উঠিব পাৰিব।

এই সন্দৰ্ভত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে সুদীৰ্ঘ ১১ বছৰৰ পাছত এই ৰ’পৱেই উত্তৰ গুৱাহাটীবাসী ৰাইজক উপকৃত কৰিব। সামাজিক দূৰত্ব মানি চলাৰ লগতে ছেনীটাইজ কৰি থকা হ’ব। ৰাতিপুৱা ৮ বজাৰ পৰা গধূলি ৬ বজালৈ অব্যাহত থাকিব এই ৰ’পৱে সেৱা। নিশাৰ ভাগটো চলাচলৰ বাবে সাজু এই ৰ’পৱে বুলি মন্তব্য মন্ত্ৰীগৰাকীয়ে।

You might also like