পথ দুর্ঘটনাত আহত জনপ্রিয় কণ্ঠশিল্পী ৰূপম ভূঞা
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ জনপ্রিয় কণ্ঠশিল্পী ৰূপম ভূঞা এক বাইক দুর্ঘটনাত পতিত হৈ মহানগৰীৰ লালগণেশস্থিত হায়াট হাস্পতালত চিকিৎসাধীন হৈ আছে৷ প্রাপ্ত খবৰ মতে কণ্ঠশিল্পীগৰাকী বিশেষ কামৰ বাবে চানডুবিলৈ গৈছিল৷ চানডুবিৰ পৰা উভতি আহোঁতে লোহাৰঘাটত বাইক দুর্ঘটনাত পতিত হৈ মূৰ আৰু মুখমণ্ডলত আঘাত পায়৷
প্রাথমিক চিকিৎসাৰ অন্তত কণ্ঠশিল্পীগৰাকীক উন্নত চিকিৎসাৰ বাবে স্থানীয় চিকিৎসকে গুৱাহাটীলৈ লৈ যোৱাৰ পৰামর্শ আগবঢ়ায়৷ চিকিৎসকৰ পৰামর্শৰ ভিত্তিত পৰিয়ালৰ লোকে কণ্ঠশিল্পীগৰাকীক লালগণেশস্থিতি হায়াট হাস্পতালত ভর্তি কৰায়৷
সম্প্রতি হায়াট হাস্পতালত কণ্ঠশিল্পীগৰাকী ডাঃ অৰিন্দম বৰকটকী আৰু ডাঃ ৰাকেশ দাসৰ তত্ত্বাৱধানত চিকিৎসাধীন হৈ আছে৷ হাস্পতালত কর্তৃপক্ষই জনোৱা মতে ইতিমধ্যে কণ্ঠশিল্পীগৰাকী এম আৰ আই আৰু চিটিস্কেনৰ প্রতিবেদন অনুসৰি সংকটমুক্ত৷ শীঘ্রে কণ্ঠশিল্পীগৰাকীক আইচিইউৰ পৰা কেবিনলৈ অনা হ’ব বুলি হাস্পতালৰ জনসম্পর্কৰক্ষী বিষয়া ড০ শৈলেন দাসে জানিবলৈ দিছে৷