সাতগাঁৱত ক’ভিড বিধি উলংঘা ব্যৱসায়ীৰ
প্রশাসনৰ নির্দেশক অংগুষ্ঠ প্রদর্শন কৰি সন্ধিয়া ৭ বজালৈ খোলা দোকান–পোহাৰ
নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ সমগ্র দেশতে এতিয়া ক’ৰোনা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ক্রমাৎ ক’ভিড ১৯ৰ সংক্রমণ বৃদ্ধি পাইছে৷ ক’ৰোনাত আক্রান্তৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ অন্যান্য জিলাৰ তুলনাত কামৰূপ মহানগৰ জিলাত শেহতীয়াকৈ ক’ৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ক’ৰোনাৰ দ্বিতীয় ঢ়ৌত ৰাজ্যৰ ভিতৰত মহানগৰ জিলাত সর্বাধিক লোক আক্রান্ত হোৱাৰ লগতে ইতিমধ্যে কেইবাজনো লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ মাৰাত্মক ক’ভিডৰ পৰা মহানগৰবাসীক ৰক্ষা কৰিবলৈ চৰকাৰ–প্রশাসনে স্বাস্থ্য বিভাগৰ সহযোগত যাৱতীয় ব্যৱস্থা গ্রহণ কৰি ক’ভিড বিধি মানি চলিবলৈ মহানগৰবাসীক আহ্বান জনাইছে৷ জিলা প্রশাসনৰ আহ্বানত মহানগৰবাসীয়ে সঁহাৰি জনাই ক’ৰোনা মহামাৰীৰ পৰা নিজৰ লগতে সকলো নাগৰিকক ৰক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগৰ নির্দেশনা মানি চলি ক’ৰোনা মহামাৰীৰ সৈতে যুঁজ অব্যাহত ৰাখিছে৷ কিন্তু অতি পৰিতাপৰ বিষয় যে ক’ৰোনাত আক্রান্ত হৈ বিগত কেইবাদিনত মহানগৰ জিলাত ৰাজ্যৰ ভিতৰত সর্বাধিক লোকৰ মৃত্যু হোৱাৰ পিছতো একাংশ লোক সজাগ হোৱা পৰিলক্ষিত হোৱা নাই৷
বিশেষকৈ মহানগৰীৰ সাতগাঁও, পাঞ্জাবাৰী, বাঘৰবড়ি অঞ্চলত একাংশ লোকে প্রশাসনৰ নির্দেশ উলংঘা কৰি নিশা প্রায় সাত বজালৈ দোকান–পোহাৰ খোলা ৰখাৰ অভিযোগ উঠিছে৷ প্রাপ্ত অভিযোগ অনুসৰি, সন্ধিয়া ছয় বজাৰ পূর্বে ছাইৰেন বজাই আৰক্ষীৰ লোকে অঞ্চলটোৰ সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ কৰাৰ লগতে জনসমাগমৰ পৰা আঁতৰি থাকিবলৈ ৰাইজক আহ্বান জনাই আহিছে৷ লক্ষণীয়ভাৱে আৰক্ষীৰ বাহনত বাজি থকা ছাইৰেনৰ শব্দ পোৱা মাত্রেই ব্যৱসায়ীসকলে দোকানৰ শ্বাটাৰ জপাই দিয়ে যদিও আৰক্ষীৰ বাহন পাৰ হৈ যোৱাৰ পিছত পুনৰ দোকান–পোহাৰ খুলি নিশা পর্যন্ত সামগ্রী কিনা–বেচা কৰে৷ একেদৰে, একাংশ উদণ্ড লোকে পথৰ দাঁতিত ক’ভিড বিধি উলংঘা কৰি মুকলিভাৱে নিশালৈ সুৰাৰ আড্ডা পাতি জনস্বাস্থ্যলৈ ভাবুকি মাতিছে৷ আনহাতে, ক’ৰোনা মহামাৰীৰ দোহাই দি ব্যৱসায়ীসকলে প্রশাসনে বান্ধি দিয়া নির্দেশনাক আওকাণ কৰি অধিক মূল্যত সামগ্রী বিক্রী কৰা বুলি কেইবাজনো ভুক্তভোগী গ্রাহকে অভিযোগ কৰে৷ উল্লেখ্য যে আজিৰ দিনটোত ৰাজ্যত ৩,১৩৭গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হয়৷ ইয়াৰ ভিতৰত ১,১৫৩গৰাকী কামৰূপ মহানগৰ জিলাত আক্রান্ত হৈছে৷ আজিৰ দিনটোত কামৰূপ মহানগৰ জিলাত সর্বাধিক ৭গৰাকী লোকৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ ইপিনে, আক্রান্তৰ সংখ্যা এহাজাৰৰ ঘৰ অতিক্রম কৰাত জিলা প্রশাসনে মহানগৰীৰ চৰকাৰী–ব্যক্তিগত বিদ্যালয়ৰ লগতে হোটেলসমূহ অহা ১৫ দিনৰ বাবে বন্ধ ঘোষণা কৰে৷