নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতগাঁৱত কিশোৰীক ধর্ষণঃ অভিযুক্ত আমিনুৰক জে’ললৈ

নিয়মীয়া বাৰ্তা ৩০ জুনঃ মৰিগাঁৱৰ ভুৰাগাঁৱৰ বালিডোংগাত সংঘটিত হোৱা চাঞ্চল্যকৰ ধর্ষণ হত্যাকাণ্ডই ৰাজ্যজুৰি তোলপাৰ লগোৱাৰ সময়তে মহানগৰীৰ সাতগাঁৱত আন এক ধর্ষণকাণ্ড সংঘটিত হোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ মহানগৰীৰ সাতগাঁও থানাৰ অন্তর্গত বাঘৰবড়িৰ নোৱাৰাৰ মিলিজুলি পথত এগৰাকী কিশোৰীৰ মুখত সোপা দি আমিনুৰ হক (২১) নামৰ এজন যুৱকে ধর্ষণ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে যোৱা দেওবাৰে নিশা প্রায় ১২ বজাত শৌচালয়ৰ পৰা লম্পটটোৱে মুখত সোপা দি কিশোৰীগৰাকীক নিজৰ কোঠালৈ আনি উপর্যুপৰি ধর্ষণ কৰে৷

ঘটনা সন্দর্ভত কিশোৰীগৰাকীৰ মাতৃয়ে সাতগাঁও থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ আৰু শিশু সুৰক্ষা আইন ২০১২ৰ ৪নং ধাৰাত ১৮০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি কালি নিশা নোৱাপাৰা বাহৰতলীৰ বাসগৃহৰ পৰা লম্পট আমিনুলক গ্রেপ্তাৰ কৰে৷ সাতগাঁও থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ধর্ষণকাৰী যুৱকজনক গ্রেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্ত যুৱকজনক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ ইপিনে যুৱতীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ অন্তত আৰক্ষীয়ে পৰিয়ালৰ লোকক গতাই দিয়ে৷ আনহাতে এই ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা অঞ্চলটোত তীব্র চাঞ্চল্যই বিৰাজ কৰিছে৷ ঘটনা সন্দর্ভত উচিত তদন্ত কৰি স্থানীয় লোকে দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে৷

You might also like