নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ হোঁকাবাৰ–ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ

নিয়মীয়া বাৰ্তা ৯ জুনঃ  মহানগৰীত ক’ৰোনা মহামাৰীৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি পৌৰ নিগমে হোটেল, ৰেষ্টুৰেণ্ট, বাৰ আৰু ৰাজহুৱা স্থানত হোঁকা অথবা ধূমপান নিষিদ্ধ ঘোষণা কৰিছে৷ ৰাজহুৱা স্থান অথবা হোটেল, ৰেষ্টুৰেণ্টৰ লগতে বাৰ হোঁকা আৰু ধূপপান কৰাসকলে নিজৰ লগতে আনৰ স্বাস্থ্যৰ প্রতি ভাবুকি মাতিব পাৰে৷ সেয়েহে পৰৱর্তী নির্দেশনা জাৰি নকৰাপর্যন্ত জি এম চিয়ে বাৰ আৰু ৰাজহুৱা স্থানত মুকলিভাৱে ধূমপান অথবা হোঁকা সেৱন নিষিদ্ধ ঘোষণা কৰিছে৷ বিশেষকৈ আৰ জি বৰুৱা ৰোডৰ এডিক্টেট, জি এছ ৰোডৰ ক্লাউড–৭, গণেশগুৰিৰ হাইড আউট, খানাপাৰাৰ হোটেল পেলেচি’, আৰ জি বৰুৱা ৰোডৰ ৰাছ এণ্টাৰটেইনমেণ্ট, জি এছ ৰোডৰ আই এন ভি এণ্টাৰপ্রাইজ আৰু দীঘলীপুখুৰী পাৰৰ বাইদাৱেত পৰৱর্তী নির্দেশনা জাৰি নকৰাপর্যন্ত হোঁকা সেৱন নিষিদ্ধ ঘোষণা কৰা হৈছে৷ অৱশ্য জি এম চিৰ নির্দেশনা উলংঘা কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি জি এম চি কর্তৃপক্ষই জানিবলৈ দিছে৷

You might also like