বেংক কর্তৃপক্ষক ঋণ লাভৰ প্রক্রিয়া সুচল কৰাৰ আহ্বান
নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ ধাৰাপুৰত পঞ্জাব নেচনেল বেংকৰ গুৱাহাটী আঞ্চলিক কার্যালয়ৰ সৌজন্যত আয়োজিত বৃহৎ ঋণ মেলাত অংশগ্রহণ কৰি কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত ঋণৰ অনুমোদন পত্র বিতৰণ কৰে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে বেংকটোৰ কামৰূপ মণ্ডল কার্যালয়, মাণ্ডলিক অডিট কার্যালয় আৰু পি এন বি লোন পইণ্টো আনুষ্ঠানিকভাৱে মুকলি কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে নিজৰ আত্মসন্মান ৰক্ষাৰ বাবে আমি সকলো আত্মনির্ভৰশীল হোৱাটো জৰুৰী৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰশীল ভাৰত গঢ়াৰ আহ্বানৰ প্রতি সঁহাৰি জনাই অসমৰ যুৱক–যুৱতী, মহিলা আৰু বিভিন্ন কর্মক্ষেত্রৰ প্রতি আগ্রহীসকলক ঋণ প্রদানৰ জৰিয়তে স্বাৱলম্বী কৰি তোলাৰ বাবে পঞ্জাব নেচনেল বেংকে বিগত দিনসমূহত লৈ অহা ভূমিকাৰ বাবে বেংকৰ কর্তৃপক্ষৰ শলাগ লৈ আজিৰ ঋণ হিচাপে আগবঢ়োৱা প্রতিটো টকাৰে যাতে সুপ্রয়োগ হয়, সেই দিশতো চকু ৰাখিবলৈ মুখ্যমন্ত্রীয়ে বেংকটোৰ প্রতি আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে লগতে ঋণ লোৱা দিনটোৰ পৰা প্রতিটো মুহূর্ত এই টকা উৎপাদনমুখী কাম–কাজত প্রয়োগ কৰি সময়মতে ঋণ পৰিশোধৰ বাবে আগবাঢ়ি আহিবলৈ হিতাধিকাৰীসকলৰ প্রতি আহ্বান জনায়৷ ৰাজ্যৰ যুৱক–যুৱতীসকলক্ স্ব–নিয়োজনৰ বাবে অধিক আগ্রহী কৰি তোলাৰ স্বার্থত ‘ইজ অৱ ডুয়িং বিজনেছ’ৰ আর্হিত ‘ইজ অৱ গেটিং লোন’, অর্থাৎ ঋণ লাভৰ প্রক্রিয়াটো সহজসাধ্য কৰি তুলিবলৈ মুখ্যমন্ত্রীয়ে পঞ্জাব নেচনেল বেংকৰ লগতে বেংকসমূহৰ প্রতি আহ্বান জনায়৷ আজিৰ অনুষ্ঠানতে পঞ্জাব নেচনেল বেংকৰ সামাজিক দায়বদ্ধতা কার্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ চেক মুখ্যমন্ত্রীৰ হাতত অর্পণ কৰা হয়৷ পঞ্জাব নেচনেল বেংকৰ উত্তৰ–পূব মণ্ডলৰ মাণ্ডলিক প্রধান এছ এছ সিঙে আদৰণী ভাষণ প্রদান কৰা এই সভাত অগ্রণী যুৱ উদ্যোগী, কলং–কপিলী স্বেচ্ছাসেৱী সংস্থাৰ অন্যতম প্রতিষ্ঠাপক জ্যোতিষ তালুকদাৰেও ভাষণ প্রদান কৰি নিজৰ সফলতাৰ অৱলোকনেৰে বক্তব্য আগবঢ়ায়৷ আজিৰ এই অনুষ্ঠানত পঞ্জাব নেচনেল বেংক, নাবার্ডৰ বিষয়াববীয়াসকলৰ লগতে হিতাধিকাৰীসকলে অংশগ্রহণ কৰে৷