জালুকবাৰী–বৰঝাৰ পথৰ ষ্ট্রীট লাইট বিকল
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ সদাব্যস্ত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ জালুকবাৰীৰ পৰা বৰঝাৰ বিমানবন্দৰলৈকে সমগ্র পথছোৱাত থকা ষ্ট্রীট লাইটৰ অধিকাংশই বিকল হৈ পৰিছে৷ ফলস্বৰূপে নিশাৰ ভাগত এই সমগ্র পথছোৱা অন্ধকাৰত নিমজ্জিত হৈ থকাত দুর্ঘটনাৰ আশংকা বৃদ্ধি পাইছে৷ বিশেষকৈ উত্তৰ–পূর্বাঞ্চলৰ একমাত্র আন্তর্জাতিক বিমানবন্দৰলৈ যোৱা পথছোৱা এনেদৰে অন্ধকাৰত নিমজ্জিত হৈ থকা ঘটনাই বিভাগীয় কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাকে উদঙাই দিছে৷
প্রতিদিনে হাজাৰ হাজাৰ যান–বাহন চলাচল কৰা ব্যস্ত এই ৰাষ্ট্রীয় ঘাইপথটোত থকা ষ্ট্রীট লাইটসমূহ বিকল হৈ থকাৰ পিছতো বিভাগীয় কর্তৃপক্ষই মেৰামতি কৰাৰ ক্ষেত্রত কোনো গুৰুত্ব আৰোপ কৰা নাই৷ মন কৰিবলগীয়া যে সদাব্যস্ত ৩৭নং ৰাষ্ট্রীয় ঘাইপথটোত দিনে–নিশাই হাজাৰ হাজাৰ বাহন চলাচল কৰি আহিছে৷ বিশেষকৈ জালুকবাৰীৰ পৰা বৰঝাৰলৈকে ৰাষ্ট্রীয় ঘাইপথটোত গৰু–ছাগলীকে ধৰি বিভিন্ন ঘৰচীয়া জন্তু মুকলিকৈ চৰি ফুৰা পৰিলক্ষিত হয়৷ ব্যস্ত পথটোত মুকলিকৈ এনেদৰে চৰি ফুৰা ঘৰচীয়া জীৱ–জন্তুৰ বাবেই কেইবাটাও পথ দুর্ঘটনাও সংঘটিত হৈছে৷
জালুকবাৰীৰ পৰা বৰঝাৰলৈকে ষ্ট্রীট লাইটসমূহ বিকল হৈ পৰাত ৩৭নং ৰাষ্ট্রীয় ঘাইপথটোত দুর্ঘটনাৰ আশংকা বৃদ্ধি পাইছে৷ ষ্ট্রীট লাইটসমূহ বিকল হৈ থকাত নিশাৰ গুৱাহাটীৰ সৌন্দর্য ম্লান পৰিছে৷ বিভাগীয় কর্তৃপক্ষই ষ্ট্রীট লাইটসমূহ মেৰামতি কৰি মহানগৰবাসীক নিশাৰ গুৱাহাটীৰ সৌন্দর্য উপভোগ কৰিবলৈ সুযোগ দিয়াৰ আহ্বান জনাইছে সচেতন ৰাইজে৷