নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত সাংবাদিকৰ এণ্টিবডী স্ক্রীনিং

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ মহামাৰী ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দি থকা সাংবাদিকৰ প্রতি দায়বদ্ধতাৰে গুৱাহাটী প্রেছ ক্লাবৰ আন এক প্রয়াস৷ শতাধিক সাংবাদিকৰ মাজত দেওবাৰে কৰা হয় এণ্টিবডী স্ক্রীনিং (ছেৰ’ল’জী ছার্ভে)৷ সৃজন অসম আৰু মেডিচিটী, গুৱাহাটীৰ সহযোগত গুৱাহাটী প্রেছ ক্লাব প্রেক্ষাগৃহত অনুষ্ঠিত হয় এই স্ক্রীনিং৷

এই এণ্টিবডী স্ক্রীনিঙৰ জৰিয়তেICMRৰ দেশজুৰি চলি থকা ক’ভিড–১৯ আক্রান্তৰ সমীক্ষাৰ অন্যতম অংশ হিচাপেই গুৱাহাটীস্থিত সাংবাদিকৰ মাজত কৰা হয় এই এণ্টিবডী স্ক্রীনিং৷ মেডিচিটী, গুৱাহাটীৰ চিকিৎসক ডাঃ খলিল ছিদ্দিকিয়ে শুভাৰম্ভ কৰা অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সম্পাদকসহ প্রেছ ক্লাবৰ আন আন বিষয়ববীয়াসকল৷

You might also like