গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছত বিকল ষ্ট্রীট লাইট
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ জালুকবাৰীৰ পৰা সাতমাইল সংযোগী প্রায় দুই কিঃমিঃ দৈর্ঘ্যৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ সদাব্যস্ত গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছটোত সম্প্রতি সন্ধিয়াৰ পিছত আন্ধাৰৰ ৰাজত্ব চলিছে৷ কিয়নো উত্তৰ–পূবৰ প্রথমটো সৌৰশক্তিচালিত ষ্ট্রীট লাইটযুক্ত ৰাষ্ট্রীয় ঘাইপথ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছটোৱে ৰাষ্ট্রীয় প্রেক্ষাপটতো গুৰুত্ব লাভ কৰিছিল৷
উল্লেখ্য যে ২০১৭ বর্ষৰ মার্চ মাহত গুৱাহাটীত অনুষ্ঠিত ‘নমামি ব্রহ্মপুত্র’ মহোৎসৱৰ পূর্বে ভাৰত চৰকাৰৰ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছত উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত প্রথমটো স্বয়ংক্রিয় সৌৰশক্তি ষ্ট্রীটলাইট স্থাপন কৰা হৈছিল৷ প্রথম দুটা বছৰ সকলো ঠিকে–ঠাকে চলিছিল যদিও তাৰ পিছত চোৰে ছেগ বুজি কেইবাটাও বেটাৰী চুৰি কৰা, উদণ্ড ট্ৰাক বা ডাম্পাৰ চালকৰ খুন্দাত ষ্ট্রীট লাইটৰ কেইবাটাও খুঁটা ভাগি যোৱাত বিভাগীয় কর্তৃপক্ষৰ চৰম অৱহেলাৰ বাবে ২০১৯ চনৰ পৰা লাহে লাহে এটাৰ পিছত এটাকৈ ষ্ট্রীট লাইট বিকল হৈ আহিবলৈ ধৰে৷ যাৰ বাবে সম্প্রতি ৯৯ শতাংশ ষ্ট্রীট লাইট বিকল হৈ পৰিছে৷ কিন্তু ৰহস্যজনক কথাটো হ’ল সকলো দেখি–শুনিও ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে ষ্ট্রীট লাইটসমূহ কিয় সচল কৰিবলৈ চেষ্টা কৰা নাই, তাক লৈ প্রশ্ন উত্থাপন কৰিছে সচেতন লোকসকলে৷
ইফালে ষ্ট্রীট লাইটসমূহ বিকল হৈ থকা বাবে গুৰুত্বপূর্ণ ৰাষ্ট্রীয় ঘাইপথছোৱাত সন্ধিয়াৰ পিছত আন্ধাৰত বুৰ গৈ থাকে৷ সমান্তৰালভাৱে একাংশ চালকে পার্কিং লাইট নজ্বলোৱাকৈ ট্ৰাক বা ডাম্পাৰ পথৰ ওপৰতে ৰখাই থৈ দিয়াৰ ফলত বিগত সময়ছোৱাত বহু দুচকীয়া বা চাৰিচকীয়া বাহনৰ চালকে অন্ধকাৰৰ পথত ৰখাই থোৱা তেনে ট্ৰাক বা ডাম্পাৰ দেখা নোপোৱাৰ ফলত বিগত সময়ছোৱাত কেইবাটাও সৰু–বৰ পথ দুর্ঘটনা সংঘটিত হৈছে৷ যাৰ বাবে সকলো শ্রেণীৰ সচেতন লোকে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণক বিকল হৈ থকা সকলো ষ্ট্রীট লাইট সচল কৰিবলৈ দাবী জনাইছে৷