চুপাৰি কিলাৰ আদিত্যক বিহাৰত গ্রেপ্তাৰ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ ২০১৮ চনত আঠগাঁৱত ব্যৱসায়ী ত্রিভুবন গুপ্তাৰ হত্যাকাণ্ডত জড়িত চুপাৰি কিলাৰ আদিত্য সিঙক মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আঠগাঁৱৰ ব্যৱসায়িক প্রতিষ্ঠানত পাঁচজনীয়া দুর্বৃত্তৰ দলে সন্ধিয়া ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰিছিল৷ এই ঘটনা সন্দর্ভত ভৰলুমুখ থানাত ৰুজু হোৱা ২৩/২০১৮ নম্বৰৰ গোচৰটোৰ ভিত্তিত তদন্ত চলাই ভৰলুমুখ আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সহযোগত চুপাৰি কিলাৰ আদিত্য সিং ওৰফে নীৰজ সিঙক ২২ আগষ্টত মুজ্জাফৰপুৰৰ পৰা গ্রেপ্তাৰ কৰে৷ চুপাৰি কিলাৰ আদিত্যক আজি মহানগৰ আৰক্ষীয়ে গুৱাহাটীলৈ আনে৷ সম্প্রতি ভৰলুমুখ আৰক্ষীয়ে চুপাৰি কিলাৰ আদিত্যক জেৰা অব্যাহত ৰাখিছে৷ তিনিটা বছৰৰ পিছত ত্রিভুবন গুপ্তাৰ হত্যাকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত মহানগৰ আৰক্ষীক ভুক্তভোগীৰ পৰিয়ালৰ লোকে ধন্যবাদ জ্ঞাপন কৰিছে৷