দ্রুতগতিত চলিছে ছুপাৰ মার্কেটৰ উৰণীয়া সেতুৰ নির্মাণঃ দীপাৱলীত মুকলিৰ লক্ষ্য
নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত যান–জঁটৰ সমস্যা লাঘৱ কৰাৰ লক্ষ্যৰে কেইবাখনো উৰণীয়া সেতুৰ নির্মাণৰ কাম চলি আছে৷ আনকি বিগত বর্ষৰ ১১ অক্টোবৰত দীনেশ গোস্বামী পথৰ মালিগাঁৱৰ পৰা কামাখ্যাগেটলৈ প্রায় ৩ কিঃমিঃ দৈর্ঘ্যৰ উৰণীয়া সেতু নির্মাণৰ আধাৰশিলা স্থাপনৰ কাম আৰম্ভ কৰা হৈছে৷ সেতুখনৰ নির্মাণৰ দায়িত্ব লাভ কৰিছে অনুপম শর্মা নামৰ অভিযান্ত্রিকৰ স্নাতক ডিগ্রীধাৰী পাঠশালাৰ অসমীয়া উদীয়মান যুৱক এজনে৷ মালিগাঁৱৰ নির্মাণৰত উৰণীয়া সেতুখন নির্মাণ হ’লে উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত সর্ববৃহৎ উৰণীয়া সেতু হিচাপে পৰিগণিত হ’ব৷
আনহাতে, ৰাজ্যৰ অতি ব্যস্ত অঞ্চল ৰাজধানী দিছপুৰ অঞ্চলক যান–জঁটৰ সমস্যাৰ পৰা মুক্ত কৰি ৰখাৰ বাবে দুখনকৈ উৰণীয়া সেতু নির্মাণ কৰা হৈছে৷ এই সন্দর্ভত ৰাজ্য চৰকাৰৰ লোকনির্মাণ বিভাগৰ দিছপুৰ ক্ষেত্রীয় পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই জানিবলৈ দিয়া মতে, লোকনির্মাণ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ থলুৱা ঠিকাদাৰেও যাতে উৰণীয়া সেতুকে ধৰি ৰাজ্য চৰকাৰৰ বৃহৎ প্রকল্পসমূহ নির্মাণ কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ তাৰ অংশ হিচাপে দিছপুৰ ছুপাৰ মার্কেটত যুদ্ধ কালীন তৎপৰতাৰে নির্মাণ কৰি থকা উৰণীয়া সেতুখন গুৱাহাটীৰ পার্শ্বৱর্তী মির্জাৰ অনিল দাস নামৰ এজন থলুৱা ঠিকাদাৰক নির্মাণৰ দায়িত্ব দিয়া হৈছে৷
২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কোটি টকা ব্যয়েৰে নির্মাণ কৰি থকা সেতুখন নির্মাণ সম্পূর্ণ কৰাৰ তিনি বছৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ কিন্তু প্রথমবাৰৰ বাবে গুৱাহাটীৰ উৰণীয়া সেতু নির্মাণৰ দায়িত্ব লাভ কৰা থলুৱা ঠিকাদাৰ অনিল দাসে মুখ্যমন্ত্রীৰ নির্দেশনা অনুসৰি যাতে অহা দীপাৱলীৰ সময়ত যান–বাহনৰ চলাচলৰ বাবে মুকলি কৰিব পৰা হয়, তাৰ বাবে দিনে– নিশাই কাম কৰি আছে৷