ৰাজ্যত যান–বাহন নির্মাণ প্রকল্প আৰম্ভ কৰাৰ আহ্বান
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে গুৱাহাটীৰ বৰসজাইত ‘অসম অটোম’বাইলছ প্রাইভেট লিমিটেড’ নামৰ টাটা মটর্ছৰ এটা নতুন ডীলাৰশ্বিপ আনুষ্ঠানিকভাৱে ডদ্বোধন কৰে৷ মূলতঃ লঘু বাণিজ্যিক বাহন বিপণনৰ ব্যৱস্থা থকা এই ডীলাৰশ্বিপটোৱে অসমৰ নিবনুৱা যুৱক–যুৱতীসকলক্ বিশেষভাৱে সহায় কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে৷ অনুষ্ঠানত বক্তব্য আগবঢ়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিড–১৯ অতিমাৰীৰ পৰিপ্রেক্ষিতত অটোম’বাইল উদ্যোগটোৱে বিশ্বজুৰি গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হোৱা সময়তে নতুনকৈ এটা যান–বাহনৰ ডীলাৰশ্বিপ আৰম্ভ কৰি ‘প্রাগ নিডজ’ৰ পৰিচালন সঞ্চালক ড০ সঞ্জীৱ নাৰায়ণে এক সাহসী পদক্ষেপৰ পৰিচয় দাঙি ধৰিছে৷
এগৰাকী সফল ডদ্যোগী হিচাপে বহুসংখ্যক যুৱক–যুৱতীক সংস্থাপিত কৰাৰ লগতে অসমৰ সাংসৃকতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে মুখ্যমন্ত্রীয়ে ড০ নাৰায়ণৰ শলাগ লয়৷ অসমৰ সৈতে টাটা গ্রুপৰ দীর্ঘদিনীয়া সম্পর্কৰ কথা ডল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ক’ভিড–১৯ অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে টাটা ছন্সে মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ৫০ কোটি টকাৰ বৰঙণি আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে৷ সেইদৰে ৫০০ কোটি টকাৰো অধিক পুঁজি বিনিয়োগেৰে টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যখনত ১৭খনকৈ কর্কট ৰোগ চিকিৎসালয় স্থাপনৰ কথাও তেওঁ বিশেষভাৱে উল্লেখ কৰে৷
অসমত যান–বাহন নির্মাণ প্রকল্প আৰম্ভ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্রীয়ে টাটা মটর্ছৰ প্রতি আহ্বান জনায়৷ আজিৰ অনুষ্ঠানত ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্য, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, গুৱাহাটী ডন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহল আৰু নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈও ডপস্থিত থাকে৷ অনুষ্ঠানত টাটা মটর্ছৰ ডপাধ্যক্ষ ৰাজেশ কৌল, ‘প্রাগ নিডজ’ৰ পৰিচালন সঞ্চালক তথা ‘অসম অটোম’বাইলছ প্রাইভেট লিমিটেড’ৰ স্বত্বাধিকাৰী ড০ সঞ্জীৱ নাৰায়ণৰ লগতে বহুসংখ্যক গণ্য–মান্য ব্যক্তিয়ে অংশগ্রহণ কৰে৷