নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিদর্শক অবিহনে চলিছে কামৰূপ সদৰ আবকাৰী

নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্রমণ৷ ক’ভিড–১৯ৰ গণ সংক্রমণ ৰোধৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চুলাই মদৰ ভাতী উচ্ছেদ কৰিবলৈ নির্দেশ দিছিল৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পাছতে ৰাজ্যজুৰি আৰক্ষী আৰু আবকাৰী বিভাগে অবৈধ বিলাতী সুৰা বা চুলাইৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ কিন্তু গুৱাহাটী মহানগৰীত আবকাৰী পৰিদর্শকৰ অভাৱত অবৈধ সুৰাবিৰোধী অভিযান স্থগিত ৰাখিবলগীয়া হৈছে৷ আবকাৰী বিভাগৰ পৰিদর্শকৰ অভাৱত মহানগৰীত চুলাই ভাতী উচ্ছেদৰ বিৰুদ্ধে অভিযান চলাব পৰা নাই কামৰূপ সদৰ আবকাৰী বিভাগে৷ বিগত সপ্তাহত আঠগাঁও, ফটাশিল আমবাৰী, ভূতনাথ, উজান বজাৰকে ধৰি বিভিন্ন স্থানৰ পৰা কামৰূপ সদৰ আবকাৰী বিভাগে অভিযোগ লাভ কৰিছে৷ অভিযোগ লাভৰ পাছতো পৰিদর্শকৰ অভাৱত কামৰূপ সদৰ আবকাৰী বিভাগে অবৈধ সুৰাবিৰোধী অভিযান চলাব পৰা নাই৷

ইফালে কামৰূপ সদৰ আবকাৰী বিভাগৰ গুৱাহাটী সদৰ জ’ন (এ)ৰ পৰিদর্শক বিভু ফুকন আৰু গুৱাহাটী সদৰ জ’ন (ডি)ৰ পৰিদর্শক সীমান্ত নেওগে নির্বাচনৰ পিছৰে পৰা কার্যালয়লৈ অহা নাই৷ বিভিন্ন অজুহাত দেখুৱাই ক’ভিডসৃষ্ট এই জটিল পৰিস্থিতিৰ মাজতো ঘৰতে বহি আদায় লৈছে দৰমহা৷ আবকাৰী বিভাগৰ দৰে এটা গুৰুত্বপূর্ণ বিভাগত পৰিদর্শক হিচাপে কার্যনির্বাহ কৰা এই দুগৰাকী পৰিদর্শকে ঘৰতে বহি কেনেদৰে দৰমহা আদায় লৈছে সেয়াও ৰহস্যৰ বিষয়৷ আনহাতে, কামৰূপ সদৰ আবকাৰী বিভাগৰ অধীনস্থ বৰঝাৰ, গুৱাহাটী সদৰ জ’ন (চি), খানাপাৰা ফ্লায়িং স্কোৱাড, প্রাগজ্যোতিষপুৰ চার্কোল পৰিদর্শক অবিহনেই চলি আহিছে৷ তদুপৰি অভিজিৎ ইণ্টাৰনেচনেল আৰু হিলভিউ ৱেৰ হাউছ দুটাও পৰিদর্শক অবিহনে চলি আহিছে৷ পৰিদর্শকৰ অভাৱত অবৈধ সুৰাবিৰোধী অভিযান চলাব নোৱাৰাৰ সুযোগ লৈ সান্ধ্য আইনৰ মাজতো একাংশ অবধ সুৰা বেপাৰীয়ে মুকলিকৈ মহানগৰীত চলাইছে সুৰাৰ বেহা৷ গুৱাহাটী মহানগৰীত চলি থকা অবৈধ সুৰাৰ মুকলি বেহা বন্ধ কৰাৰ বাবে জিলা উপায়ুক্ত আৰু আবকাৰী বিভাগে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like