নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাননীৰ তিনি মাহৰ পাছতো বিদ্যুতৰ খুঁটাৰ পৰা আঁতৰোৱা নাই কেবুল

নিয়মীয়া বাৰ্তা ৮ জুলাইঃ গুৱাহাটী মহানগৰীৰ ৰাজপথত জধে–মধে ওলমি আছে ইণ্টাৰনেট আৰু কেব্ল সেৱা আগবঢ়োৱা একাংশ প্রতিষ্ঠানৰ তাঁৰ৷ জি এছ ৰোডকে ধৰি আৰ জি বৰুৱা ৰোড, দিছপুৰ, চানমাৰি, গণেশগুৰি, ছয়মাইল, হাতীগাঁও, পাঞ্জাবাৰী, বামুণীমৈদাম, গুৱাহাটী ক্লাব, পাণবজাৰ, ফাঁচীবজাৰ আদি অঞ্চলৰ ৰাজপথৰ কাষত থকা বিদ্যুতৰ খুঁটাত বিপদসংকুলভাৱে ওলমি আছে কেব্ল৷ তদুপৰি বিভিন্ন স্থানত পদপথৰ গ্রীলৰ ওপৰত ইণ্টাৰনেট সেৱাৰ তাঁৰ ছিঙি পৰি পথচাৰীৰ যাতায়াতৰ ক্ষেত্রত ব্যাঘাত জন্মাইছে৷ ৰাজপথৰ বিদ্যুতৰ খুঁটাত ওলমি থকা এই কেব্লসমূহে মহানগৰীৰ সৌন্দর্যবর্ধনত ব্যাঘাত জন্মোৱাৰ সমান্তৰালকৈ পৰিৱেশ বিনষ্ট কৰিছে৷

বিদ্যুতৰ খুঁটাত জধে–মধে আঁৰি থোৱা ইণ্টাৰনেট সেৱাৰ এই কেব্লসমূহৰ পৰা যিকোনো সময়ত ভয়ংকৰ অঘটন হোৱাৰ আশংকাই দেখা দিছে৷ গুৱাহাটীৰ ৰাজপথৰ বিদ্যুতৰ খুঁটাত জধে–মধে আঁৰি থোৱা তাঁৰসমূহ আঁতৰাবলৈ পৌৰ নিগমে ইণ্টাৰনেট আৰু কেব্ল সেৱা আগবঢ়োৱা প্রতিষ্ঠানসমূহক প্রায় তিনি মাহ পূর্বে নির্দেশ দিয়ে৷

মহানগৰীৰ সৌন্দর্যবর্ধনৰ লগতে সম্ভাব্য দুর্ঘটনাৰ প্রতি লক্ষ্য ৰাখি পৌৰ নিগমে সাত দিনৰ সময়সীমা বান্ধি দি তাঁৰসমূহ আঁতৰাই দিবলৈ প্রতিষ্ঠানসমূহক জাননী প্রেৰণ কৰিছিল যদিও তিনি মাহৰ পাছতো বিদ্যুতৰ খুঁটাৰ পৰা তাঁৰসমূহ আঁতৰাই দিয়া নাই৷ পৌৰ নিগমৰ নির্দেশক বুঢ়া আঙুলি দেখুৱাই ইণ্টাৰনেট আৰু কেব্ল কোম্পানীয়ে জধে–মধে তাঁৰ আঁৰি ব্যৱসায় চলাই আছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত ৰে’লগেট, ৰিদ্ধি কমিউনিকেচন, এয়াৰটেল, কেটলা আই টি, স্কাই ভাৰত ফাইবাৰ, চিকুৱেছ নেট, এলায়েঞ্চ ব্রডবেণ্ট, ৰে’লৱয়াৰ, ত্রিয়াংকুনাৰ আৰু কেডি ইনফুটেককে ধৰি শতাধিক প্রতিষ্ঠানে মহানগৰীত ইণ্টাৰনেট সেৱা আগবঢ়াই আছে৷ এইক্ষেত্রত পৌৰ নিগমে পৰৱর্তী সময়ত কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like