অনলাইনত নাৰী দেহ ব্যৱসায়: ধৃত এক
নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত অনলাইনত নাৰী দেহ ব্যৱসায় চলোৱাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ বহিঃৰাজ্যৰ পৰা উদণ্ড যুৱকে মহানগৰীত অনলাইনযোগে নাৰী দেহ ব্যৱসায় চলোৱাৰ অভিযোগত আজি মহানগৰীৰ খ্রীষ্টানবস্তিৰ শ্রীনগৰ পথৰ পৰা ৰাইজে উত্তম–মধ্যম শোধাই এটা লম্পটক আৰক্ষীক গতাই দিয়ে৷ ধৃত লম্পটটো ৰাজস্থানৰ ওমৰাও সিং বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জনোৱা মতে ধৃত যুৱকজনে মহানগৰীত আশ্রয় লৈ অনলাইনযোগে যুৱতীৰ ফটো দেখুৱাই নাৰী দেহ ব্যৱসায় চলাই আহিছে৷
উল্লেখ্য যে ধৃত যুৱকজনে ছয়মাইলৰ এগৰাকী যুৱতীৰ ম’বাইল ফোন নম্বৰ কৌশলেৰে সংগ্রহ কৰি যুৱতীগৰাকীৰ ফটো অনলাইনত বিজ্ঞাপন হিচাপে ব্যৱহাৰ কৰি গ্রাহক চপোৱাৰ জাল পাতিছিল৷ ভুক্তভোগী যুৱতীগৰাকীয়ে সাংবাদিকৰ আগত সকলো কথা বিৱৰি কোৱাৰ পিছত ৰাইজে লম্পটটোক ঘেৰাও কৰি উত্তম–মধ্যম শোধায়৷ আজি খ্রীষ্টানবস্তিত যুৱকজনক ৰাইজে হাতে–লোটে কৰায়ত্ত কৰি উত্তম–মধ্যম শোধাই দিছপুৰ আৰক্ষীক গতাই দিয়ে৷ আৰক্ষীয়ে যুৱকজনৰ পৰা দুটা ম’বাইল ফোনৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰে৷
ঘটনা সন্দর্ভত আৰক্ষীয়ে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে পূর্বেও মহানগৰীত অনলাইনযোগে নাৰী দেহ ব্যৱসায় চলোৱাৰ তথ্য পোহৰলৈ আহিছিল৷