নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰি–ডকাইতি–হত্যা–লুণ্ঠনৰ ঘটনা

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে চুৰি–ডকাইতি, হত্যা–ধর্ষণ, লুণ্ঠনৰ ঘটনা৷ আৰক্ষী আয়ুক্তকৰণ হোৱাৰ পিছতো মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্রদানত মহানগৰ আৰক্ষী ব্যর্থ হৈছে৷ মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই পূব আৰক্ষী জিলা, পশ্চিম আৰক্ষী জিলা আৰু মধ্য আৰক্ষী জিলাত চুৰি–ডকাইতি, হত্যা, ধর্ষণ, লুণ্ঠনৰ ঘটনা সংঘটিত হৈ আহিছে৷

বিগত বর্ষটোত মহানগৰীৰ পূব আৰক্ষী জিলাৰ অন্তর্গত অঞ্চলসমূহত সর্বাধিক অপৰাধমূলক ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি, বিগত বর্ষৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈ পূব আৰক্ষী জিলাৰ অধীনৰ থানাসমূহত ৫২টা হত্যাকাণ্ড, ৫৫১টা ডকাইতি, ৪৬৮২টা চুৰি, ৩৯টা ধর্ষণ আৰু ২৭টা জালিয়াতিৰ গোচৰ ৰুজু হৈছে৷

পশ্চিম আৰক্ষী জিলাত বিগত বর্ষত ২০টা হত্যা, ১২৬টা ডকাইতি, ১২৭৭টা চুৰি, ১০টা ধর্ষণৰ ঘটনা সংঘটিত হৈছে৷ মধ্য আৰক্ষী জিলাৰ অন্তর্গত থানাসমূহত ৯টা হত্যা, ৯১টা ডকাইতি, ১৪৮৩টা চুৰি, ১৪টা ধর্ষণ আৰু ১৫টা জালিয়াতিৰ গোচৰ ৰুজু হৈছে৷ বিগত বষত ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ বাবে মার্চ মাহৰ পৰা ছেপ্ঢেম্বৰ মাহলৈ লকডাউন থকাৰ পিছতো গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনাৰ সংখ্যা হ্রাস পোৱা পৰিলক্ষিত নহ’ল৷ মহানগৰবাসীৰ সুৰক্ষা আৰু অপৰাধজনিত ঘটনা ৰোধ কৰাৰ বাবে গুৱাহাটী মহানগৰীত ১৯খন থানা আৰু ১২টা আৰক্ষী চকী আছে৷

মহানগৰবাসীৰ সুৰক্ষাৰ বাবে প্রায় ২৭০০ আৰক্ষী বিষয়া–কনিষ্টবল নিয়োজিত হৈ থকাৰ পিছতো গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত উদ্বেগজনকভাৱে চুৰি–ডকাইতি, হত্যা, লুণ্ঠনৰ দৰে অপৰাধমূলক কার্যকলাপ সংঘটিত হৈ আহিছে৷ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা অপৰাধমূলক ঘটনা হ্রাস কৰাৰ বাবে আৰক্ষী আয়ুক্তই কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like