৫০ লাখ টকাৰ ড্রাগছসহ তিনি সৰবৰাহকাৰীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ মহানগৰীৰ যোৰাবাটত কালি আৰক্ষী অপৰাধ শাখাই অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগছসহ তিনি সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগছ সৰবৰাহকাৰী কেইটা ক্রমে মণিপুৰৰ মহম্মদ আকবৰ খান, ৱাহিদুৰ খান আৰু যোৰাবাটৰ সঞ্জয় গগৈ বুলি জানিব পৰা গৈছে৷
আৰক্ষীয়ে ড্রাগছ সৰবৰাহকাৰী তিনিটাৰ পৰা ৭২ পেকেট হেৰ’ইন জব্দ কৰাৰ লগতে তিনিটা ম’বাইল ফোন আৰু নগদ ২২ হাজাৰ টকা উদ্ধাৰ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে মণিপুৰৰ পৰা ধৃত ড্রাগছ সৰবৰাহকাৰী দুজনে ড্রাগছখিনি মণিপুৰৰ পৰা গুৱাহাটীলৈ আনিছিল৷ ড্রাগছখিনি যোৰাবাটৰ সঞ্জয় গগৈ নামৰ যুৱকজনৰ ঘৰত ৰাখিছিল৷
আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি ড্রাগছখিনি জব্দ কৰাৰ লগতে ড্রাগছ ব্যৱসায়ৰ সৈতে জড়িত তিনি যুৱকক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে জব্দ কৰা ড্রাগছখিনিৰ মূল্য প্রায় ৫০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে৷