১৮ আৰু ১৯ মাৰ্চত গুৱাহাটীত যান-বাহনৰ পথ সাল-সলনি
নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ ১৮ আৰু ১৯ মাৰ্চত গুৱাহাটীত যান-বাহনৰ পথ সাল-সলনি কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে ১৮ আৰু ১৯ তাৰিখে বহু হেভীৱেট প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন দাখিল কৰিব, যাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক যানজঁট হোৱাৰ সম্ভাৱনা আছে। সেইবাবে অহা ১৮ আৰু ১৯ মাৰ্চ তাৰিখে গুৱাহাটীত ৰাজপথত যান-বাহনৰ পথসমূহ কিছু সাল-সলনি কৰা হৈছে। আজি এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি যানবাহন আৰক্ষীৰ উপ আয়ুক্তই জানিবলৈ দিয়ে।
কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে মনোনয়ন দিব সিদ্ধাৰ্থ ভট্টাচাৰ্যই আৰু শুকুৰবাৰে মনোনয়ন দাখিল কৰিব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ অহা দুদিনত সিদ্ধাৰ্থ ভট্টাচাৰ্য-হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বহু প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন৷
সংবাদমেলত যানবাহন আৰক্ষীৰ উপ-আয়ুক্তই এম জি ৰোড এই দুদিন ৰাইজক ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনায়। লগতে মালিগাঁৱৰ পথৰ পৰা আহিলে ভৰলুত ইউ টাৰ্ন লৈ এটি ৰোড হৈ যাব লাগিব। শৰাইঘাটৰ দিশৰ পৰা গুৱাহাটীলৈ আহিলে হাইৱে’ হৈ গুৱাহাটীত প্ৰৱেশ কৰিব লাগিব। ৰাজপথৰ কাষত থকা অস্থায়ী দোকানবোৰ এই দুদিনৰ বাবে আঁতৰ কৰিব লাগিব৷ ‘মেঘদূত ভৱন’ৰ সন্মুখভাগ খালী ৰাখিব।
No-পাৰ্কিং স্থানসমূহ-
1) HB road 2) MLN road
3) MG road 4) B. Barooah road 5) MC road
6) FC road 7) GNB road
পাৰ্কিং স্থানসমূহ-
1) লাচিতঘাটত পাৰ্কিঙৰ ব্যৱস্থা।
2) কালিপুৰৰ পৰা ভূতনাথলৈ ৰাস্তাৰ দুয়োফালে।
3) টিচি পইণ্ট ৰোটাৰী (কামৰূপ একাডেমীৰ ফালে)
4) Apollo পইণ্টৰ পৰা ফুলবাগান বিআৰপি ৰোড ক্ৰছিং(উত্তৰ দিশে)।