নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্তব্যৰত যান–বাহন আৰক্ষীক প্রহাৰ ৰাণাবীৰৰ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ   চিকিৎসকৰ দৰে পৱিত্র বৃত্তিত জড়িত এগৰাকী চিকিৎসকে কালি কর্তব্যৰত আৰক্ষীক প্রহাৰ কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে যান–বাহন আইন উলংঘা কৰি এ এছ–১১ জি–৭০০৭ নম্বৰৰ ফর্চুনাৰ বাহনখন উলুবাৰীৰ দিশেৰে যাবলৈ ধৰে৷ তেনে সময়তে কর্তব্যৰত যান–বাহন আৰক্ষীৰ কনিষ্টবল বীৰেন্দ্র তিৱাৰীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰে৷ বিলাসী বাহনখনৰ পৰা ডাঃ ৰাণাবীৰ পাল নামৰ লোকজনে কর্তব্যৰত আৰক্ষী কনিষ্টবল তিৱাৰীক প্রহাৰ কৰে৷ স্থানীয় ৰাইজে এই ঘটনা প্রত্যক্ষ কৰি বাহনখন আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে৷ ঘটনা সন্দর্ভত ভুক্তভোগী কনিষ্টবল তিৱাৰীয়ে ভঙাগড় থানাত এটা গোচৰ ৰুজু কৰে৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত কর্মৰত চিকিৎসাক ডাঃ ৰণবীৰ পালে আৰক্ষী জোৱানজনক প্রহাৰ কৰাতে ক্ষান্ত নাথাকি অশ্লীল গালি–গালাজেৰে অভব্য আচৰণ কৰিছিল৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৪, ৩৫৩, ৫০৬ ধাৰাৰ অধীনত ৪২৯/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like