নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত পথৰ দাঁতিৰ গছ কাটি তহিলং দুষ্কৃতিকাৰীৰ

নিয়মীয়া বাৰ্তা, ৫ মেঃ সমগ্র দেশৰ লগতে ৰাজ্যজুৰি লকডাউন চলি থকাৰ সুযোগ গ্রহণ কৰি এচামে বনজ সম্পদ ধ্বংস কার্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে মহানগৰীৰ পার্শ্বৱর্তী চন্দ্রপুৰত৷ ৰঙা মাটি খনন আৰু শিল–বালিৰ চোৰাং ব্যৱসায়ৰ ৰম্যভূমি হিচাপে পৰিচিত অঞ্চলটোত শেহতীয়াকৈ পথৰ দাঁতিৰ কেইবাডাল গছ কাটি তহিলং কৰিছে দুষ্কৃতিকাৰীয়ে৷

উল্লেখ্য যে নাৰেংগী–চন্দ্রপুৰ পথৰ দুয়োকাষে বিশেষকৈ পানীখাইতী, হাজোংবড়ী, চন্দ্রপুৰকে ধৰি বহুকেইটা অঞ্চলত বহু বছৰ পূর্বে বিভিন্ন গছপুলি ৰোপণ কৰিছিল বন বিভাগে৷ বর্তমান সেই গছপুলিবোৰ একোডাল প্রকাণ্ড বৃক্ষলৈ ৰূপান্তৰ হৈ সমগ্র পথটোত ছাঁ পেলোৱাৰ উপৰি পথচাৰীৰ বাবে অতি সুবিধাজনক আৰু মনোমোহা প্রাকৃতিক পৰিৱেশৰ সৃষ্টি কৰিছে৷ যি নান্দনিক পৰিৱেশ উপভোগ কৰিবলৈ গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন প্রান্তৰ পৰা লোকৰ সমাগম ঘটে৷ সেই পথৰ কাষৰ সাতডালকৈ বৃহৎ গছ লকডাউন চলি থকাৰ বিগত কেইবাদিনত কাটি তহিলং কৰে কোনো দুষ্কৃতিকাৰীয়ে৷

প্রত্যক্ষদর্শীৰ মতে, তাঁতিমাৰা গাঁৱত অৱস্থিত আমূল কোম্পানীৰ সমীপত লকডাউনৰ সময়ছোৱাত কাটি নিয়ে সাতডাল গছ৷ আশ্চর্যজনক কথা যে চন্দ্রপুৰ বন খণ্ড কার্যালয়ৰ পৰা প্রায় এক কিলোমিটাৰ নিলগত এনেদৰে পথৰ কাষৰ গছ কটাৰ দৃশ্য দৃষ্টিগোচৰ হোৱা নাই বন বিষয়াৰ৷ অৱশ্যে খবৰ পাই আজি স্থানীয় বন বিষয়াগৰাকীয়ে সেই স্থান পৰিদর্শন কৰে যদিও সেইকেইডাল বিশেষ মূল্যৱান গছ নহয় বুলি দায়সৰা মন্তব্য কৰে বন বিষয়াগৰাকীয়ে৷

You might also like