নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোঁৱাচাঙত গুৱাহাটীৰ সৌন্দর্যবর্ধন, পৰিচর্যাৰ অভাৱত মৰহি গৈছে গছপুলি

নিয়মীয়া বার্তা, ৮ আগষ্টঃ গুৱাহাটী মহানগৰীৰ সৌন্দর্যবর্ধনৰ বাবে ৰাজকোষৰ লাখ লাখ টকা ব্যয় কৰা হৈছে যদিও একাংশ আঁচনি কার্যতঃ কার্যকৰী হোৱা নাই৷ মহানগৰীৰ সৌন্দর্যবর্ধনৰ বাবে ৰাজপথৰ লগতে উৰণীয়া সেতুৰ দুয়োকাষে ৰোপণ কৰা ফুল তথা গছপুলিৰ অধিকাংশই চোৱাচিতা কৰাৰ অভাৱত মৰহি যোৱা পৰিলক্ষিত হৈছে৷

বিশেষকৈ গণেশগুৰি উৰণীয়া সেতুৰ দুয়ো কাষে টাবত ফুলৰ পুলি ৰোপণ কৰাৰ পিছত পুলিসমূহ ক্রমাৎ বাঢ়ি আহিছিল যদিও যোৱা কেইবাদিনৰ প্রখৰ ৰ’দত ইয়াৰ অধিকাংশ পুলি মৰহি গৈছে৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ সৌন্দর্যবর্ধনৰ আঁচনিসমূহ চোৱাচিতা কৰাৰ বাবে জিএমডিএ আৰু গুৱাহাটী পৌৰ নিগমে একাংশ বিষয়া–কর্মচাৰীক দায়িত্ব অর্পণ কৰে৷ বিভাগীয় কর্মচাৰীৰ চূড়ান্ত হেমাহিৰ বাবেই টাবত ৰোপণ কৰা ফুলৰ পুলিসমূহ মৰহি গৈছে৷

অৱশ্যে উলুবাৰী, ভৰলুমুখ, চানমাৰি আৰু গণেশগুৰিৰ ৰাজহুৱা স্থানত ৰূপায়ণ কৰা সৌন্দর্যবর্ধন আঁচনিৰ যাৱতীয় কাম–কাজ চোৱাচিতা কৰিবলৈ গুৱাহাটী পৌৰ নিগমে কেতবোৰ বিজ্ঞাপন প্রতিষ্ঠানক দায়িত্ব অর্পণ কৰিছিল৷

কিন্তু একাংশ বিজ্ঞাপন প্রতিষ্ঠানে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাত সম্প্রতি একাংশ সৌন্দর্যবর্ধনৰ আঁচনি কার্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই৷ ইপিন, একাংশ অসাধু লোকে নিশাৰ ভাগত উৰণীয়া সেতুৰ ওপৰত বাহন ৰখাই ফুলৰ টাবসমূহ চুৰি কৰি নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

তদুপৰি আন একাংশ লোকে ৰাজপথত তামোলৰ পিক পেলাই পৰিৱেশ বিনষ্ট কৰা দেখা গৈছে৷ সেয়েহে মহানগৰীৰ সৌন্দর্যবর্ধন আঁচনিসমূহ কার্যকৰী কৰি গুৱাহাটী মহানগৰীখন আটকধুনীয়া চহৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত সচেতন মহলে বিভাগীয় কর্তৃপক্ষক আহ্বান জনাইছে৷

You might also like