মহানগৰীত ট্রাক পার্কিং স্থানত কঠোৰ নির্দেশনা
নির্দেশ অমান্য কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব পৰিবহণ বিভাগে
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে আজি উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত মহানগৰীৰ বিভিন্ন পৰিবহণ সংস্থা ট্রাক পার্কিং লট (স্থান), ৱে–ব্রিজসমূহৰ গৰাকীসকল আৰু বিজি য়ার্ডৰ বিষয়ববীয়াৰ সৈতে মিলিত হৈ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে সংশ্লিষ্ট সংস্থা আৰু ট্রাক পার্কিং লটৰ গৰাকীসকলে গ্রহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে৷
সভাত জিলা উপায়ুক্ত পেগুৱে কয় যে দেশৰ বিভিন্ন প্রান্তৰ পৰা অত্যাৱশ্যকীয় খাদ্যসামগ্রীকে ধৰি অন্যান্য বয়–বস্তু আৰু সামগ্রী কঢ়িয়াই গুৱাহাটীলৈ অহা ট্রাকসমূহৰ চালক, হেণ্ডিমেন আদিৰ জৰিয়তে যাতে স্থানীয় পৰিবহণ সংস্থা, ট্রাক পার্কিং লটৰ কর্মচাৰী, ট্রাকৰ পৰা মাল উঠোৱা–নমোৱা কৰা শ্রমিক আদিলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটিব নোৱাৰে তাৰ বাবে ট্রাক পার্কিং লটৰ গৰাকী আৰু পৰিবহণ সংস্থাসমূহৰ স্বত্বাধিকাৰীয়ে কিছুমান প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিব লাগিব৷
জিলা উপায়ুক্তগৰাকীয়ে কয় যে প্রত্যেক ট্রাক পার্কিং লটৰ তথা এলেকাৰ গৰাকীয়ে বাহিৰৰ পৰা সা–সামগ্রী কঢ়িয়াই অনা ট্রাকসমূহৰ ড্রাইভাৰ, হেণ্ডিমেনসকলক নিজ–নিজ ট্রাক পার্কিং লটত সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগিব৷ ড্রাইভাৰ, হেণ্ডিমেনসকলৰ বাবে সুকীয়াকৈ থকা–খোৱাৰ ব্যৱস্থা কৰিব লাগিব৷ সংশ্লিষ্ট ট্রাক পার্কিং লটৰ কোনো কর্মচাৰী বা শ্রমিকৰ সৈতে যাতে ট্রাকচালক, হেণ্ডিমেনসকল প্রত্যক্ষ সংস্পর্শলৈ আহিব নোৱাৰে তাৰ প্রতি ট্রাক পার্কিং লটৰ গৰাকীসকলে নজৰ দিব লাগিব৷
দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আহি ট্রাক পার্কিং লটত নিশা কটোৱা ট্রাকচালক, হেণ্ডিমেনসকলৰ বাবে ট্রাক পার্কিং লটসমূহত সুকীয়া টয়লেটৰ ব্যৱস্থা কৰিবলৈও জিলা উপায়ুক্তগৰাকীয়ে ট্রাক পার্কিং লটৰ গৰাকীসকলক আজি নির্দেশ দিয়ে৷ জিলা উপায়ুক্তগৰাকীয়ে ট্রাক পার্কিং লট আৰু পৰিবহণ সংস্থাসমূহৰ গৰাকীক ট্রাক পার্কিং লট অথবা কার্যালয়সমূহত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে হেণ্ড ছেনিটাইজাৰ, মাস্ক আদিৰ ব্যৱস্থা কৰিবলৈ কয়৷ বাহিৰৰ পৰা অহা ট্রাকচালক, হেণ্ডিমেনসকলে যাতে সংশ্লিষ্ট ট্রাক পার্কিং লটৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰে তাৰ বাবেও ব্যৱস্থা গ্রহণ কৰিব লাগিব বুলি জিলা উপায়ুক্তগৰাকীয়ে ট্রাক পার্কিং লটৰ গৰাকীসকলক নির্দেশ দিয়ে৷ ট্রাক ড্রাইভাৰসকলক কিবা বয়–বস্তু অথবা ঔষধ–পাতি আদিৰ প্রয়োজন হ’লে সংশ্লিষ্ট ট্রাক পার্কিং লটৰ গৰাকীয়ে নিজ কর্মচাৰীৰ জৰিয়তে কিনি আনি দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি উপায়ুক্তগৰাকীয়ে কয়৷
প্রত্যেক ট্রাক পার্কিং লটৰ প্রৱেশ আৰু প্রস্থান গেটত ওলোৱা–সোমোৱা কৰা ব্যক্তিৰ নাম–ঠিকনা পঞ্জীয়ন কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগিব বুলি উপায়ুক্তগৰাকীয়ে কয়৷ জিলা উপায়ুক্ত পেগুৱে কয় যে মহানগৰীৰ ট্রাক পার্কিং লটসমূহত কর্মৰত কর্মচাৰী আৰু শ্রমিকসকলৰ স্বাস্থ্য পৰীক্ষাৰ কাম স্বাস্থ্য বিভাগে শীঘ্রে আৰম্ভ কৰিব৷ মহামাৰী ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে প্রশাসন আৰু স্বাস্থ্য বিভাগে জাৰি কৰা নির্দেশনাসমূহ ট্রাক পার্কিং লটৰ গৰাকীসকলে কঠোৰভাৱে পালন কৰিব লাগিব৷ প্রশাসনে বান্ধি দিয়া নিয়ম–নীতিসমূহ যদি কোনো ট্রাক পার্কিং লটৰ গৰাকী বা পৰিবহণ সংস্থাই পালন নকৰে, তেন্তে তেনে ট্রাক পার্কিং লট বা পৰিবহণ সংস্থাৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব৷ জিলা প্রশাসনৰ নির্দেশনা উলংঘা কৰা ট্রাক পার্কিং লটৰ লাইচেন্স আদিও বাতিল কৰা হ’ব বুলি জিলা উপায়ুক্তগৰাকীয়ে সভাত কয়৷
তেওঁ কয় যে জিলা প্রশাসন আৰু আৰক্ষী বিষয়াই মহানগৰীৰ প্রতিটো ট্রাক পার্কিং লটৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব৷ প্রতিটো ট্রাক পার্কিং লটতে আৰক্ষী বিভাগে তিনিগৰাকীকৈ বিশেষ আৰক্ষী বিষয়া নিয়োগ কৰিব বুলিও উপায়ুক্তগৰাকীয়ে সভাত জানিবলৈ দিয়ে৷ উপায়ুক্তগৰাকীয়ে লগতে কয় যে ট্রাক ড্রাইভাৰ, হেণ্ডিমেনসকলৰ লগতে অন্যান্য কর্মচাৰী আৰু শ্রমিকসকলে মানি চলিবলগীয়া নীতি–নিয়মসমূহৰ ফলক প্রত্যেক ট্রাক পার্কিং লট, ৱে–ব্রিজ, পৰিবহণ সংস্থাসমূহত আঁৰি ৰাখিব লাগিব৷
সভাত গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ে ট্রাক পার্কিং লট আৰু পৰিবহণ সংস্থাসমূহক জিলা প্রশাসনে বান্ধি দিয়া নীতি–নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায়৷ অতিৰিক্ত উপায়ুক্তদ্বয় বিপুল কুমাৰ দাস আৰু চিন্ময় নাথ, জিলা পৰিবহণ বিষয়া অৰুণ বৰাকে ধৰি জিলা আৰু আৰক্ষী প্রশাসনৰ কেইবাগৰাকীও শীর্ষ বিষয়া সভাত উপস্থিত আছিল৷