নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট লেখিকা–সাংবাদিক তুলতুল বৰুৱালৈ শ্রদ্ধাঞ্জলি গুণমুগ্ধৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ইলোৰা বিজ্ঞান মঞ্চ আৰু অন্বেষাৰ উদ্যোগত আজি সদ্যপ্রয়াত বিশিষ্ট লেখিকা, অনাতাঁৰ শিল্পী তথা প্রবীণ সাংবাদিক তুলতুল বৰুৱালৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ তদুপলক্ষে গুৱাহাটী মহানগৰীৰ অসম সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সভাগৃহত পৰিয়ালৰ লোকৰ সহযোগত আয়োজন কৰা অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চ আৰু অন্বেষাৰ বিষয়ববীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ বহু বিশিষ্ট ব্যক্তিয়ে মহীয়সী নাৰীগৰাকীক শ্রদ্ধাৰে সোঁৱৰণ কৰে৷ পৰী হিলৈদাৰী পৰিচালিত সভাৰ আৰম্ভণিতে প্রয়াত বৰুৱাৰ প্রতিচ্ছবিত পৰিয়ালৰ লোকৰ লগতে সভাত অংশগ্রহণ কৰা বিশিষ্ট ব্যক্তিসকলে মাল্যার্পণ কৰে৷

কমলেশ গুপ্তই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানৰ আৰম্ভণিতে প্রয়াত লেখিকাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্রার্থনা জনোৱা হয়৷ ইলোৰা বিজ্ঞান মঞ্চৰ ইছফাকুৰ ৰহমানে শোক–পত্র পাঠ কৰা অনুষ্ঠানত প্রয়াত বৰুৱাৰ ভাতৃ প্রণৱানন্দ ভৰালীয়ে শ্রীমদ্ভাগৱতৰ শ্লোক আওৰাই বায়েকক স্মৰণ কৰে৷ অনুষ্ঠানত লেখক পৰেশ মালাকাৰে প্রয়াত বৰুৱাৰ ব্যক্তিত্ব সন্দর্ভত আলোকপাত কৰি নিজৰ ব্যক্তিত্বৰ জৰিয়তে তেওঁ আগুৱাই যাবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে৷ সভাত বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই প্রয়াত লেখিকাগৰাকীৰ জীৱন সংগ্রামৰ বিষয়ে আলোকপাত কৰি জীৱনৰ গুৰুত্বপূর্ণ সময়খিনি তেওঁ মুম্বাইত জীৱন সংগ্রামত কটাবলগীয়া হোৱা বাবে প্রাপ্যৰ পৰা বঞ্চিত হোৱা বুলি আক্ষেপ কৰে৷

অৱশ্যে পৰৱর্তী সময়ত অসাধাৰণ ব্যক্তিত্ব আৰু বহু প্রতিভা থকা লেখিকাগৰাকীয়ে তেওঁৰ লেখা আৰু কর্মৰ জৰিয়তে ৰাজ্যৰ সমাজ জীৱনত ইতিবাচক প্রভাৱ পেলাবলৈ সক্ষম হোৱাৰ উপৰি বিজ্ঞানৰ প্রচাৰ আৰু প্রসাৰৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে৷ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ‘এনাটমী’ বিভাগৰ অধ্যক্ষ তথা বিশিষ্ট চিকিৎসক ডাঃ জয়দেৱ শর্মাই কয় যে সমাজৰ পৰা ধর্মান্ধতা দূৰ কৰাৰ ক্ষেত্রত প্রয়াত বৰুৱাই শক্তিশালী ভূমিকা গ্রহণ কৰিছিল৷ লেখিকা জ্যোতি দাসকে ধৰি কেইবাগৰাকী লোকে ভাষণ আগবঢ়োৱা সভাৰ অন্তত পৰিচালক পৰী হিলৈদাৰীয়ে প্রয়াত বৰুৱাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ পোষকতা কৰে৷

You might also like