দিছপুৰ সমষ্টিত প্রার্থিত্বৰ দৌৰত দুই বিজেপি নেতা
যুৱনেতা মৃগাংক বর্মনৰ ১৫দিনীয়া পদযাত্রা কার্যসূচী আৰম্ভ
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ২০২১ চনৰ বিধানসভা নির্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ৰাজধানী সমষ্টি হিচাপে খ্যাত দিছপুৰ সমষ্টিক লৈ ৰাজনৈতিক দল আৰু প্রার্থিত্বপ্রত্যাশীৰ মাজত অধিক তৎপৰতা দেখা গৈছে৷ এইক্ষেত্রত বিজেপি দলৰ একাধিক প্রার্থিত্বপ্রত্যাশীৰ তৎপৰতাই অন্য ৰূপ ধাৰণ কৰিছে৷ দলটোৰ দুই প্রার্থিত্বপ্রত্যাশীৰ মেৰুকেন্দ্রিক যুঁজ সম্প্রতি তুংগত উঠা দেখা গৈছে৷ ৰাজ্যিক উপ–সভাপতি জয়ন্ত কুমাৰ দাস আৰু একেটা দলৰ যুৱনেতা মৃগাংক বর্মনে একমাত্র প্রার্থিত্ব পোৱাৰ আশংকাত সমষ্টিটোৰ চুকে–কোণে ৰাইজৰ সংস্পর্শত সোমাই পৰা পৰিলক্ষিত হৈছে৷ বিগত ভালেমান দিনৰ পৰা এই দুই প্রার্থিত্বপ্রত্যাশীয়ে সমষ্টিৰ বিভিন্ন স্থানত বৰ বৰ হ’র্ডিং স্থাপন কৰি প্রচাৰকার্য আৰম্ভ কৰাৰ সমান্তৰালকৈ ঠায়ে ঠায়ে গৈ অঞ্চলবাসীৰ সমস্যাৰ বুজ লৈ ফুৰিছে৷
শেহতীয়াকৈ যুৱনেতা মৃগাংক বর্মনে দলীয় নেতৃত্বৰ চকুত লগাকৈ দিছপুৰ সমষ্টিত পদযাত্রা আৰু পথ সভাৰ এক পষেকজোৰা কার্যসূচী আৰম্ভ কৰিছে৷ পহিলা ফেব্রুৱাৰীৰ পৰা আৰম্ভ কৰা এই কার্যসূচী কালি বীৰকুছিৰ দেহাল থানৰ পৰা শুভাৰম্ভ হয়৷ স্থানীয় গাঁওবুঢ়া তানাৰাম লালুং আৰু মহিলা নেত্রী ধৰিত্রী কলিতাই উদ্বোধন কৰে এই পদযাত্রা৷ শতাধিক সহকর্মী লৈ পদযাত্রা আৰম্ভ কৰা এই কার্যসূচীৰ যুৱনেতাগৰাকীয়ে বীৰকুছি, বোন্দা, পানীখাইতী, খাংকৰ আদি অঞ্চলত পদযাত্রা কৰি উপস্থিত হোৱাৰ উপৰি প্রতিটো অঞ্চলৰ স্থানীয় ৰাইজৰ লগত ভাব বিনিময় কৰে আৰু স্থানীয় সমস্যাৰ বুজ লয়৷ আজি বিজেপিৰ যুৱনেতাগৰাকী তাঁতিমাৰা, চন্দ্রপুৰ, ৰাজগড়ত এই কার্যসূচী ৰূপায়ণ কৰে৷ তেওঁৰ লগত পত্নীৰ লগতে বহুসংখ্যক মহিলায়ো সহযোগ কৰে৷ এই যাত্রা কৰি একমাত্র ৰাইজৰ সমস্যাৰ বুজ লোৱাই উদ্দেশ্য বুলি উল্লেখ কৰি ব্যৱস্থা গ্রহণৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে মৃগাংক বর্মনে৷ কিন্তু এয়া যে প্রার্থিত্ব পোৱাৰ এক কৌশল সেয়া নিশ্চিত৷ পিছে এই দৌৰত কোনে সফলতা লাভ কৰে তাক সময় আৰু দলীয় নেতৃত্বইহে নিৰূপণ কৰিব৷