দীপৰ বিলৰ পাৰত দুটা চন্দুক উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ আজাৰা আৰক্ষী থানাৰ অন্তর্গত দীপৰ বিলৰ সমীপত দুটাকৈ চন্দুক উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷
উল্লেখ্য যে শুকুৰবাৰে দুপৰীয়া গড়চুক–ৰাণী সংযোগী পথৰ দাঁতিত তথা দীপৰ বিলৰ সমীপত স্থানীয় ৰাইজে দুটাকৈ চন্দুক পৰিত্যক্ত অৱস্থাত প্রত্যক্ষ কৰি আজাৰা আৰক্ষীক খবৰ দিয়ে৷ পিছত আজাৰা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ চন্দুক দুটা থানালৈ আনে৷ ক’ৰ পৰা কেনেকৈ চন্দুক দুটা দীপৰ বিলৰ সমীপত আহিল, সেই লৈ ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে৷
প্রত্যক্ষদর্শী ৰাইজে এয়া কোনো বেংকৰ অথবা ব্যক্তিগত কোনো মানুহৰ বিকল চন্দুক হ’ব পাৰে বুলি ধাৰণা কৰিছে৷ আনহাতে, আজাৰা আৰক্ষীয়ে চন্দুক দুটা সন্দর্ভত অনুসন্ধান অব্যাহত ৰাখিছে৷